৩। অথ যােগ নির্ণয়।
মাহেন্দ্র যােগ আৰু বৰুণ যােগত বশ, স্তম্ভন, মােহন এহি তিনি কৰ্ম্ম,
বায়ু যােগ আৰু বহিযােগত বিদ্বেষণ, উচ্চাটন কৰ্ম্ম কৰিব। ইতি যােগ
নির্ণয়।
৪। অথ নক্ষত্র নির্ণয় ।
বৰুণ মণ্ডলত থিত উত্তৰভাদ্র পদ, মূলা, শতভিষা, পূৰ্বভাদ্র পদ, অশ্লেষা,
পূৰ্ব্বষাঢ়া, ইহাৰ এক নক্ষত্ৰত বৰুণ যােগৰ কৰ্ম্ম কৰিব। মাহেন্দ্র মণ্ডলত
থিত অনুৰাধা, জ্যেষ্ঠ, উত্তৰাষাঢ়া ৰােহিণী ইহাৰ এক নক্ষত্ৰত মাহেন্দ্র যােগ
কৰ্ম্ম কৰিবেক। বহি মণ্ডলত থিত স্বাতী, হস্তা, মৃগশিৰা, আদ্র', উত্তৰ-
কন্তুনী, পুষ্যা, পুনৰ্ব্ব ইহাৰ এক নক্ষত্ৰত বহি যােগৰ কৰ্ম্ম কৰিব। বায়ু।
মণ্ডলত থিত অশ্বিনী, ভৰণী, চিত্রা, ধনিষ্ঠা, শ্রবণ, মঘা, বিশাখা, কৃত্তিকা,
পূৰ্ব ফনী, ৰেৱতী ইহাৰ এক নক্ষত্ৰত বায়ু যােগৰ কৰ্ম্ম কৰিব। ইতি
নক্ষত্ৰ নিৰ্ণয়।
৫। অথ আঙ্গুলী নির্ণয়।
শান্তি কাৰ্যত মন্ত্র যন্ত্র ঔষধিত বৃদ্ধ আঙ্গুলী আৰু তর্জনী আঙ্গুলীৰে পৰশিব,
পুষ্টিকাৰ্যত বৃদ্ধ আৰু মধ্যম আঙ্গুলীৰে পৰশিব, বৃদ্ধ আৰু অনামিকা আঙ্গুলীৰে
যাবতীয় মাৰণ আদি কাৰ্য্যত পৰশিব। আকর্ষণ, বিদ্বেষণ, মাৰণ, উচ্চাটন
ইহাক অভিচাৰ কৰ্ম্ম বুলি জানিব। ইতি আঙ্গুলী নির্ণয়।
পৃষ্ঠা:Kamaratna Tantra.djvu/১৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
