পৃষ্ঠা:Kamaratna Tantra.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামৰত্ন তন্ত্ৰ৷


মুখবন্ধ।

শ্ৰীকৃষ্ণায় নমঃ। অথ শিবপাৰ্ব্বতী সম্বাদ। একদিনা পাৰ্বতীয়ে শঙ্কৰত সুধন্ত --প্রভু কামৰত্ন তন্ত্র মােত কহা । শঙ্কৰে কহন্ত—জানা পার্ব্বতী বশ, অকৰ্ষণ, বিদ্বেষণ, স্তম্ভন, মৰণ, শান্তিপুষ্টি আদি কৰি এই কর্ম্মসকল যে কালত যে নিয়মে কৰিব তাহাত কহো। বশ আকর্ষণ এই কৰ্ম্ম বসন্ত কালত কৰিব, গ্রীষ্মত বিদ্বেষণ, বর্ষাত স্তম্ভন, শিশিৰত মাৰণ, শৰতত শান্তিপুষ্টি, হেমন্তত উচ্চাটন, এহি ক্ৰমে কৰিব।

১। অথ ঋতু নির্ণয়।।

দিন গােটৰ প্ৰথম দশ দণ্ড বসন্ত, অপৰ দশ দণ্ড গ্রীষ্ম, অপৰ দশ দণ্ড বর্ষা, অপৰ দশ দণ্ড শিশিৰ, মধ্যৰাত্রে অপৰ দশ দণ্ড শৰত, অপৰ দশ দণ্ড (উষা) হেমন্ত এহি মিয়মে ঋতু কাল। এইমতে কৰ্ম্ম কৰিলে সিদ্ধি হৱে। ইতি ঋতু নির্ণয়।

২। অথ তিথি নির্ণয়।

সপ্তমীত বশ কৰ্ম্ম, তৃতীয় ত বা এয়াদশীত আকর্ষণ, দ্বিতীয়াত বা ষষ্ঠীত উচ্চাটন, প্রতিপদ, চতুর্থী বা চতুর্দ্দশীত স্তম্ভন, অষ্টমী বা নৱমীত মােহন, (দশমী) একদশী বা দ্বাদশীত মাৰণ, পঞ্চমী বা পূর্ণিমাত শান্তি আদি কৰ্ম্ম কৰিব। সর্ব মন্ত্র যন্ত্র ঔষধ সিদ্ধি নিমিত্ত এহি ক্রমে আচৰিব। ইতি তিথি নির্ণয়।