পৃষ্ঠা:Kamaratna Tantra.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

104

২। ঘৃতকুমাৰীৰ পাত সৈন্ধক লোণ দি বাটি মুখৰ থুক দি তপতাই তিন দিন ঘাত দিলে বলিয়া কুকুৰে খোৱা বিষ গুচে।

১২৫। অথ মৎস্য বিষ নিবাৰণ।

শিৰীশ ফুলৰ গুটি, সিজুৰ মূল খিৰেৰে বাটি ঘাত দিলে বিষ গুচে।

১২৬। অথ মণিকৰাৰ বিষ নিবাৰণ।

গমাৰীৰ মূল বাটি নাকে উজালে গুচে।

১২৭। অথ বাঘ ভালুকৰ বিষ নিবাৰণ।

১। ঘাত লোহা তপতাই পুৰি বগা পুনৰ্ণৱাৰ মূল দি বাটি দিলে মাত্ৰ বিষ গুচে।

২। জালুক পিপলি, আদাগুৰি, ধুতুৰা পাতৰ ৰসেৰে মিহলাই খালে গুচে। নিমুৰ ছাল, সমিধৰ ছাল বাটি তপত জলেৰে লিপি দিলে বা আচু কাঠৰ মূল দিলে গুচে। ইতি ব্যাঘ্ৰ বিষ নিবাৰণ।

১২৮। অথ কীট বিষ নিবাৰণ।

তুলসী মূল চাউল ধোৱা পানী দি বাটি দিলে গুচে।


১২৯। অথ সৰ্ব্বজন্তু বিষ নিবাৰণ।

কৰচাৰ মূল গুটি সেত সৰিয়হ বাটি দিলে গুচে।

ইতি শ্ৰীগোৰক্ষনাথসিদ্ধ বিৰচিতং কামৰত্নৰ ত্ৰয়োদশ উপদেশ সমাপ্ত।

⸻⸻