পৃষ্ঠা:Kamaratna Tantra.djvu/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


100 ৩। কলীয়া বিড়ালীৰ ঘৰমুখত কলীয়া ৰাতিমণি থৈ পুতিব। সেই গছ গজি গুটি ধৰিলে সেই কাচমণি মুখত ললে কেৱেঁ নেদেখে। ৪। মৃগশিৰা নক্ষত্ৰত সউৰাৰ ৰঘুমলা আনি ফফাল বস্তুৰ ভিতৰত ভৰাই সেই বস্তু নিলে কেৱে নেদেখে। ইতি অদৃশ্যকৰণ। ১২২। অথ বিষজাৰা মন্ত্র। মাঘ মাস মঙ্গলবাৰ পূর্ণিমা তিথি। সাত ঘটি বেলা গৈলে তােৰ উৎপত্তি । উপজিয়া বিষ ত্রিদশে ধাইলা। হতে তুলি বিষ মহাদেৱে খাইলা ॥ বিষ খাওঁ, বিষ ভক্ষো, বিষ কৰাে পান। আপােনাৰ উৎপত্তি শুনিয়া বিষ হৈ যা নিৰ্যান । খাৱন, পিয়ন, অশুদ্ধ হাত। অমুকাক ৰক্ষা কৰে শ্ৰীগােৰক্ষ নাথ। ১। এই মন্ত্র জলত জপি তিনি বাৰ জল খুৱালে বিষ গুচে। ২। আকণবিন্ধিৰ মুলৰ ৰস, কাচমণিৰ মূল বাটি খুৱালে বিষ গুচে।