পৃষ্ঠা:Kamaratna Tantra.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

94


২। তেজপিয়াৰ মূৰত নাৰীজগ মন্ত্ৰ জপি ককালত ৰান্ধিলে হনুমন্তৰ সমানে খাব পাৰে।


৩। ধুতুৰাৰ পাত, কুকুৰ সূতাৰ মূল সেই মন্ত্ৰে মন্ত্ৰিত কৰি ললে বকাসুৰৰ সমানে খাব পাৰে। ইতি বহু আহাৰকৰণ।


১১৭। অৰ্থ অনাহাৰকৰণ।

১। তেজপিয়াৰ মূৰ, কচা ফলৰ মজা মূল শুকুৱাই গুৰি কৰিব, তামৰ, সোণাৰ মাদলিতকৈ ভগৱত ৰুদ্ৰ মন্ত্ৰ ভপি ভৰাই মুখত লব, তোক পিয়াহ গুচে।


২। শৰীৰ মন্ত্ৰ জপি পদ্মৰ গুটি, অম্লান ফুল আনি বাটিব। শালি চাউল, ঘিউ সবকে ছাগৰ খিৰেৰে পাই খালে পষেক লৈ ভোগ নালাগে। ইতি অনাহাৰ-


১১৮। অথ পাশতি সাধন।

১। কাউৰৰ বুকুৰ মাংস, তাৰে চকু, জিভ, গেৰুৱাৰ মাটি, সন্ধ্যক লোণ, ছাগলাদিৰ মূল, বালুক আদি সবাকে বাটি তাতে ৰুদ্ৰ মন্ত্ৰ অষ্টোত্তৰশত জপি পাৱত লিপিব। এক পৰত শত পৰৰ পাশা জিনিক পাৰে। তাকে পকা দাঢ়ি পকা ছুলিত ঘসিলে কেচা হয়।


২। সেত সৰিয়হৰ তেলত চণ্ডিকা মন্ত্ৰ অষ্টোত্তৰশত জপি তাকে পাশা খেলত যাৰ লিপে একে পৰতে দশ পাশতি জিনে। ইতি পাশতি সাধন।