পৃষ্ঠা:Kamaratna Tantra.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

88

১। সূৰ্যগ্ৰহণত বাবচাৰ মূলৰ গুৰি কৰি ঘিউ সহিতে মিহলাই মন্ত্ৰিত কৰি সাত দিন খাব, বৃহস্পতি সম হয়।


২। আমলখি ফলৰ ৰস বাবচাৰ গুৰিৰে এক দিন থৈ ঘিউ মিহলাই যোল তোলা জুখি লৈ সাতদিন খাব। শ্ৰুতি, বুদ্ধি, বাক্য বাঢ়ে।


৩। বাবচাৰ গুৰি ঘিউ মৌৰে খালে বুদ্ধি বাঢ়ে।


৪। পুষ্যা নক্ষত্ৰত ৰবিবাৰে শ্বেত আঁকণৰ মূল আনি গুৰি কৰি ছায়াত শুকাব। তাতে মহেশ্বৰ মন্ত্ৰক সেই নিয়মে জপি খিৰ মিহলাই খাব। প্ৰাতসে প্ৰাতসে এক তোলাকৈ সাত দিন খাব। পাচে অন্ন খাই পুনু খিৰ খাব। পঢ়িলে কথা বুজে। শত শ্লোক একবাৰ পঢ়িলে মনত ৰহে। ইতি শ্ৰুতিধৰণ।


১১২। অথ সুকণ্ঠকৰণ।

১। জাই ফল, তেজপাত, পিপলি, বৰ্ণি আখই, সোলেং টেঙ্গাৰ পত্ৰ, তিল, সবাৰে ৰস সাত দিন নিতে খুব সুকণ্ঠ হয়। কোকিলৰ স্বৰ সম হয়।


২। শেৱালি ফুলৰ মূলৰ গুৰি তিল তেলৰ সহ খালে সুকণ্ঠ হয়। কেতুৰী ৰস চেনি, মৌ সহিতে অন্নৰ লগত খাব, সুকণ্ঠ হয়। ইতি সুকণ্ঠকৰণ।