এই জটিল ছবিখন অতি সহজ সৰল ৰূপত প্ৰস্ফুটিত কৰিব পাৰিছে। ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ স্বৰচিত চিত্ৰনাট্যই এই সাফল্যত বৰঙণি যোগাইছে।
ছবি আৰম্ভ হৈছে গুৱাহাটী মহানগৰী ঢাকি ধৰা সন্ধিয়াৰ দৃশ্যৰ মাজত। চাদ ধালাই কৰিবলৈ লোৱা ঘৰটোৰ চোতালত আমি নিৰঞ্জন দত্তৰ লগত মুখামুখি হৈছো তেওঁ পিচদিনাৰ কামৰ আয়োজনখিনি শেষবাৰৰ বাবে চকু ফুৰাই লৈছে। তাৰ পিচত তেওঁ ঘূৰি আহিছে নিজৰ ঘৰলৈ। শুভ কাম এটি কৰাৰ আগদিনা তেওঁ ঘৰৰ আটাইবোৰ সদস্যৰ লগত একেলগে এসাজ খোৱাৰ আয়োজন কৰিছে। নিজে বজাৰত ঘূৰি ঘূৰি প্ৰতিজনৰ পচন্দৰ বস্তু কিনি আনিছে। কিন্তু আমি দেখা পালো দত্তৰ এই আয়োজনৰ প্ৰতি কৰো আন্তৰিতা নাই। একেলগে ডাইনিং টেবুলত বহি খাবলৈ বহোঁতেও দেখা গ’ল দত্তৰ ইচ্ছা-অনিচ্ছা, আবেগ-অনুভূতিৰ প্ৰতি কাৰো সামান্যতমো শ্ৰদ্ধা নাই। তিনিটা মাত্ৰ চুটি দৃশ্যৰ মাজেৰেই ড॰ ভবেন্দ্ৰনাথ শইকীয়াই দত্তৰ পৰিয়াল, পৰিয়ালৰ মাজত তেওঁৰ স্থান সম্পৰ্ক এই বিভিন্ন বিষয়বোৰ দৰ্শকৰ আগত দাঙি ধৰিলে। এই দ্ৰুত আৰু ঘনবদ্ধ ৰূপ চিত্ৰনাট্যৰ শেষলৈকে অটুট আছে।
বাস্তব, অতীত আৰু কল্পনা- এই তিনিওটা উপাদন ছবিখনত ইমান বেছিকৈ বিয়পি আছে যে যিকোনো মূহূৰ্ততে ছবিখন মূল সুৰৰ পৰা বিচ্যুত হোৱাৰ যথেষ্ট আশংকা আছিল। বাস্তৱৰ মূল ঘটনা আগবঢ়াৰ লগে লগে মাজে মাজে স্মৃতিয়েও আমনি কৰিছে আৰু মাজে মাজে কল্পনাইও কেতিয়াবা সুখ দিছে, কেতিয়াবা শংকিত কৰি তুলিছে। এই বিচিত্ৰ উপাদানৰ মিশ্ৰণ ইমানেই দক্ষ হাতেৰে কৰা হৈছে যে কোনো সময়তেই কাহিনীৰ মূল সুৰৰ মাত্ৰা হেৰফেৰ হোৱা নাই। ড॰ ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা সংলাপ ছবিখনৰ অন্যতম সম্পদ। ছবিৰ সংলাপৰ বাবে প্ৰয়োজনীয় দুটি গুণ হ’ল সংক্ষিপ্ততা আৰু ব্যঞ্জনাময়তা। সংলাপ ৰচনাৰ ক্ষেত্ৰত ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ পাৰদৰ্শিতা সন্দেহাতীত। কিন্তু সাৰথিৰ সংলাপে পূৰ্বৰ সকলো কৃতিত্ব