পৃষ্ঠা:Assam Buranji.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০

দিব পাই। অপৰ এই চমুআ ফুকন কেই জন জদি মাটিএ আহে, ওপৰত বৰ জাপি ধৰে ; বৰ বৰখুন ও টান ৰদত তিনি বৰ ভণ্ডাৰ বৰুআ, এবং বৰুআ নামেৰে থাকিলে ঢেকিয়াল, চোলাধৰা, খাৰঘৰিয়া, ইবিলাকেও মাটিএ অহাত বৰ জাপি ধৰাই আহে ; সদাই নােআৰে, তদিতৰে মাটিএ অহাত বৰ জাপি ধৰাব নেপাই। আৰু তিনি বৰ ভণ্ডাৰ বৰুআৰো ঐ ঘুৰনিয়া বিচনি ও বেৰি দিয়া লাখুটি আচে ; এবং ডঁৰিকা দুআৰৰ বাজৰ চতিটৰ পুবৰটো খুঁটাতে তিনিও ভৰি ধুই সােমাইগৈ। বৰঘৰ টুপলৈ জাঁওতে তিনি জনা ডাঙ্গৰিয়া, ও বৰ বৰুৱা বৰ ফুকন আদি চৰাৰ ফুকন,ও খেৰ বিচনি লােআ চমুআ ফুকন, এই সকল আৰ ঢৰা খনৰ পচিম মুৰে ওলাই সােমাই ; তিনি জনা বৰ ভণ্ডাৰ বৰুআ গএৰহ ইতৰ ফুকন বৰুআ ঐ ঢৰাৰ পুব মুৰে ওলাই সােমাই। চৰাত বৰ বৰুআ বহাত ওচৰলৈ জাব লাগিলে, চমুআ ফুকন কেই জনাই তিনি খনিয়া চাল কঠৰ নুৰাত বহে ; এবং বৰ বৰুআৰ পানি চোআলৈ গলেও চমুআ ফুকন কেই জনাক বহিবলৈ পাটি ঢৰা দিএ ; তদিতৰ ফুকন বৰুআই আঠুলে বহে। ইতি।

 আৰু বৰ ভণ্ডাৰ বৰুআ হলেই ৰুপৰ চুলা, পৰ্হিচাঙ্গি পাই, এই দুটা দ্রব্য লবলৈ জনাব নে লাগে; সােনৰ খাৰু ও টেমি লবলৈ জনাব লাগে আৰু চোলাধৰা, খাৰঘৰিয়া, ঢেকিয়াল এই তিনি বৰুৱা হৈ থকাত হলে বৰ ভণ্ডাৰ বৰুআৰ তুল্যই।