পৃষ্ঠা:Assam Buranji.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮

ৰুপৰ বেৰি দিয়া লাখুটি, এই সকল লৈ আহি, বৰ দুআৰৰ পৰা মাটিএ নগৰ সােমাই ; ওপৰত পাচৰ পৰা বৰ জাপি ধৰি আহে। বৰ চৰা উঠি নিজ ঠাইত বহোঁতে পানি পাচত ভৰি ধুই, তিনি খনিয়া মেলা চাল কঠত বানতৰ মচুলা লৈ বহে। আগত পাতত বালি দিএ, তাতে পিক চোবা পেলাই। এই ক্রমেই সি কেই জনা চৰাৰ ফুকনো আহি আপােন অপােন ঠায়ে ঠায়ে চৰাত বহে; কিন্তু ফুকন সকলৰ টাঙ্গন ধৰা নাই, আৰু বৰ জাপি ভিতৰলৈ নানে। জেতিয়া বৰ বৰুআ ও ফুকন সকল চাঙ্গলৈ জাব লগা হই, দোলাকাসৰিয়া চৰাৰ টুপৰ সমুখে উজনিৰটো খুঁটাত ধৰি ভৰি ধুই, তামােলৰ হাঁচটি আপােনাৰ কঁকালতে খুচি লই, সোঁ হাতে পাখি বিচনি খনি লৈ সােমাই জাই। আৰু বাটত বৰ বৰুআ অহাত মেল খােআ গােহাঁই দেও সকলেৰে এবং দাঁতিয়লিয়া গােঁহাই তিনি জনাৰে ভেঁটা ভেঁটি হলে, বৰ বৰুআ দোলাৰ পৰা নেনামে এবং ফুকন সকলাে নেনামে ; বাট এৰি দিয়া দিকৈ জাই। ৰজা দেৱৰ নিচৈ পাে বা ভাই এনে মেল খােআ গােহাঁই দেও হলে কিছু গৌৰৱ বাৰ্হে। খেৰ বিচনি লােআ চমুআ ফুকন কেই জনাৰে ভেঁটা ভেঁটি হলে, বৰ বৰুআ বৰ ফুকনৰ আগত চমআ ফুকন কেই জনা ঠাইতে পদুলি এটা সােমাই, তেনেই বৰ জাপিৰে ঢাকে; ই কেই জনা