এই ৰুপে ডাঙ্গৰিয়া আহি বৰ দুআৰৰ মুখতে দোলা,আৰোআন, দা, জাঠি, বৰচি আদি সকলাে আহিলা এৰি, ৩ গচ মান ৰঙ্গা জাঠি বৰচিৰে নগৰত সােমাই ; ওপৰত সােনৰচুলাৰে পানি জাপি ধৰি আহি বৰ চৰা উঠিলেই, বৰ বৰুআ মুখ্যে জি কেই জনা চৰাৰ ফুকন পুব ফালে বহি থাকে তাৰ পৰা উঠি, চৰাৰ পচিম ফালে ফকামৰ কোঠা সােমাই বহেগৈ ; বহোঁতে চালে সহিতে তিনি খনিয়া কঠৰ তলিয়ৰি খন গুচাই, এবং বানতৰ মচুলা গুচাই, বৰ কাপৰ একো খনকে ঘুৰাই পকাই মচুলাকৈ লই ; পাচে ডাঙ্গৰিয়া আহি জি খনিতে বহে, তাৰ পোনেই পানি পাচত লেকামেৰে বেলাত ভৰি ধুই বুলনি কাপৰত ভৰি দি আহি, তলতে পিঠিয়া ওপৰত কেপ কৰা তলচা দিএ, তাতে বৰ খুটাতে পিঠি দি পচিম মুখে বহে; পিক চোবা পেলাবলৈ আগ ফালে চুপ কৰা পাত দিএ। বৰ বৰুআকে আদিকৈ চৰাৰ ফুকন অথবা ঐ চমুআ ফুকনেই ডাঙ্গৰিয়া সকলৰ নিচৈ ওচৰ চাপিব লাগিলে, খেৰত বহিব পাই; কিচু দুৰ হৈ বহাত হলে চৰাৰ ফুকন লােকে ঐ ক্রমে মেলা দুখনিয়া কঠতে কাপৰৰ মচুলা লৈ বহে। ঐ চমুআ ফুকন সকল দুখনিয়া চাল কঠৰ নুৰাত বহে; সমই মতে বুৰা গােঁহাই বৰ পাত্ৰ গােহাঁই এই দুই ডাঙ্গৰিয়া বহা খুঁটা দুটাৰ মাজ পোনে পচিম ফালে ফকামৰ কোঠাত চৰাৰ ফুকনৰ সাৰিতকৈ কিছু পচিমলৈ হুহকি দুখনিয়া মেলা চাল কঠতো
পৃষ্ঠা:Assam Buranji.djvu/৮৮
অৱয়ব