পৃষ্ঠা:Assam Buranji.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬০

মোআমৰিয়াই কাটিলত পুতেক নিৰ্ভয়নাৰায়ন ১, চটায়লিয়া গঙ্গাৰাম ১, এই তিনি জনা ক্ৰমে বৰ গোহাঁই হল। পৰে গঙ্গাৰামক ভাঙ্গি ১৭১৫ সঁকৰ চতত ঐ নিৰ্ভয়নাৰায়নেই আকও বৰ গোহাই হল; এদাবৰিয়াক ভাঙ্গি খেদিলত নামতিয়াল সন্দিকৈৰ ভাগতি ১, বকতিয়ালৰ জয়নাথ ১, লাহনৰ বাচকটিয়া ১, এই তিনি ক্ৰমে বৰ বৰুআ হল। পাচে ১৭০৪ সঁকৰ ২ বৈসাগত ৰাতি সিঙ্গৰি ঘৰত মোআমৰিয়াই জুই দিয়াত ঐ ৰুদ্ৰেস্বৰ বৰ পাত্ৰ ডাঙ্গৰিয়া পলাই, ভটিয়াই গুআহাটিলৈ গলত ডাঙ্গৰিয়া ভাঙ্গিলে; এবং ৰাজমন্ত্ৰি বাব ঐ ঘনস্যাম বুৰা গোহাঁই ডাঙ্গৰিয়াক দিলে। এই সময়ত মোআমৰিয়া বহুত মাৰিলে। ৬ মাহৰ পৰে অকিও ঐ ৰুদ্ৰেস্বৰকে বৰ পাত্ৰ পাতিলে। ঐ ঘনস্যাম বুৰা গোহাঁই মৰিলত, সেই ৰাজমন্ত্ৰি বাবে সহিতে পুতেক পুৰ্নানন্দ ডেকা জনা বুৰা গোহাঁই হল; ও দুঅৰাৰ সেনাপতি হৰনাথ, সন্দিকৈৰ গগৈ ১, এই দুই ক্ৰমে বৰ ফুকন হল।

 পাচে ১৭০৯ সঁকৰ মাঘত পুৰ্ব সত্ৰু মোআমৰিয়াই উজনি খনি দেস ললে। সৰ্গদেও ভটিয়াই গুআহাটিলৈ গল। বুৰা গোহাঁই ডাঙ্গৰিয়াই বৰ পাত্ৰ ডাঙ্গৰিয়াই উজনিত ৰন কৰি ফুৰাতে বৰ পাত্ৰ ডাঙ্গৰিয়াক মোআমৰিয়াই কাটিলত, সৰ্গদেৱে পৰে অনিক বৰ পাত্ৰ পাতিলে। বুৰা গোহাঁই ডাঙ্গৰিয়াই এই ৰনলৈকে বিবুধি গৰ বান্ধি ৰন কৰি আচিল। গুআহাটিত