ফুকন ও ৰাজখােআ পাতি গাঁও দিলে। বকতাত নগৰ
কৰিলে । আৰু মৰঙ্গিতে কচাৰিৰে জুধ হল ; ৰনত কচাৰি
ঘাটি ডেমেৰা খাচপুৰলৈ ভাগি গল ; কাজলি মুখলৈকে আমাৰ
দেস হল। পাচে তুৰবক সহিতে কলিয়াবৰতে প্রধান জুধ
হল। এই বনতে আমাৰ ফলুঙ্গখাম্পেঙ্গ বুৰা গােহই
ও ফাচেঙ্গমুঙ্গ বৰ গােহাঁই সহিতে ৮ খন হেঙ্গদানৰ ৮ জনা
সেনাপতি সেনা সহিতে পৰিল। পাচে ত্যাচাঙ্গই বুৰা
গগাহাঁই ও কিলিঙ্গখাম বৰ গােহই এই দুই জনা ডাঙ্গৰিয়া হৈ
সেই ৰনলৈ গৈ, সত্রু পক্ষেৰে মিলিব খােজে হেন সুনি, দুয়াে
জনাক আনি ডাঙ্গৰিয়া ভাঙ্গি লাঙ্গিধুপুৰাক বুৰা গােহই
পাতিলে, ও তখামক বৰ গােহাঁই পাতিলে।।
আৰু পুর্বে এক সময়ত চুপিম্ফা ৰজা দেৱক নগাৰ খুন-
বাৱে পালসেৱা কৰোঁতে চমুআ কুঁঅৰি এজনাই ভিতৰ ফালৰ
পৰা জুমি চাই থাকি খুবাওক ভাল দেখি, ৰজা দেও ভিতৰলৈ
আহিলত খুবাওটো ভাল মানুহ বুলি, ৰজা দেৱৰ আগত
সলাগিলত, মােতকৈও নগাহে ভাল দেখিলে বুলি, ৰজা
দেৱে সগর্ভা সেই চমুআ কুঁৰিক সেই নগাৰ খুনবালৈকে
দিলে। পচে নগা চাঙ্গত গৈ লৰা এটি জন্মিল। সেই লৰাই
পালসেৱাত অহাত কথােপকথনত ঐ চমুআ কুঁৱৰিৰ গৰ্ভত
জোআ লৰা বুলি জনা জনি হলত, এই জনা ৰজা দেৱে পিত্রি
বিষ দেখি বিচাৰ পুৰ্বকে ৰাখি আচল কুঁৰিৰ সন্তান নহই
পৃষ্ঠা:Assam Buranji.djvu/২৫
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
