পৃষ্ঠা:Assam Buranji.djvu/১১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯

বসিষ্ট মুনি থাকে ; তাৰে পৰা স্নান কৰিবলৈ মুনি ওলাই তেঁওৰ ফুলনিতে ক্রিড়া কৰা দেখি, কুপিত হৈ ইন্দ্রক অন্ত্যজা স্ত্রিত পতিত হ বুলি সাপ দি, সেই স্থান এৰি ৰত্ন পিঠৰ ইসান কোনৰ নিলাচললৈ মুনি গুচি গল। পৰে ইন্দ্র ততখ্যনে কানে নুসুনা, কলাও, বােবাও, এনে দৈত্যাকাৰ মনুস্য হল। ইন্দ্ৰৰ সেই অৱস্থা দেখি সখিগন সহিতে দুস্খাতুৰা হৈ সচি স্বৰ্গলৈ গুচি গল । এনেতে সেই পর্বত নিবাসি অন্ত্যজৰ এক সুন্দৰি স্ত্রি ফুৰি ফুৰি ঐ ইন্দ্ৰৰ ওচৰ চপাত, কামােদ্বেগ দ্বাৰা উভয়েৰে সংগত হলত ইন্দ্র সাপৰ পৰা মােচন হৈ, ঐ স্ত্ৰিত কলে বােলে, তােমাৰ গৰ্ভত এটি পুত্র আচে; কালত জন্মি সেয়ে ৰজা হব, এই বুলি ইন্দ্ৰ স্বৰ্গলৈ গল ; ঐ স্ত্রিও আপোন ঘৰলৈ গল ।

 পৰে ঐ গর্ভৰ পৰা জন্মা কালত আকাসত দেৱতা সকলে হৰ্সিত হৈ অনেক বাদ্য কৰিলে, গন্ধর্ব সকলে গান কৰিলে, তদপেখ্যাতে অপ্সৰাই নর্তন কৰিলে, দসো দিস প্রসন হল, সৰোবৰ সকল অতি নির্মল হল, এনে কালতে অতি সুলখ্যন বালক এটি জম্মিল ; সেই বালকৰে নাম থেনখাম। পৰে ঐ বালক জুবা হলত কোনাে এক সময়ত ইন্দ্রে আসুৰিক মতে পুজা কৰিবলৈ চোম দেও নামে এক দেৱতা, ও এখনি হেঙ্গদান নামে অস্ত্র, ও এজোৰ ঢাক নামে বাদ্য, ও কাইচেঙ্গ- মুঙ্গ নামে দুজুৰি কুকুৰা, এই সকল দ্রব্যাদি সকলো দ্ৰব্যৰ