পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শল্য-পৰ্ব্ব লোকে হাসিবাক প্ৰতি তোৰ নাই ডৰ। পৰম ইতৰ তই নিলাজ বৰ্বৰ॥ ২৭৮৩৩ কৰ্ণমানে টানি আনি প্ৰহাৰিলা বলে। গগনমণ্ডলে শৰ সূৰ্য্য সম জ্বলে॥ পৱন সঞ্চাৰে শকুনিক লাগ পাইল। সৰ্ব্ব আৱৰণ ভেদি ছেদিয়া পেলাইল॥ ২৭৮৩৪ কধিৰে পূৰিল অঙ্গ সব শকুনিৰ। কিৰীটি কুণ্ডলে সুমণ্ডিত তাৰ শিৰ॥ পৃথকে পৃথকে পৰি লৈ মহীতলে। দেখি কুষ্ণবীগণে মনত বিকলে॥ ২৭৮৩৫ পলাইবে লাগিল অস্ত্ৰ শস্ত্ৰ ধৰি কৰে। মাদ্ৰীৰ নন্দন সহদেৱে অনন্তৰে!! অনৰ্থৰ মুল শকুনিক বধি ৰণে। মহা শঙ্খ-ধ্বনি কৰিলন্ত ৰঙ্গমনে॥ ২৭৮৩৬ কৃষ্ণ ধনঞ্জয় আন বীগণ যত। ফুঙ্কিলপ্ত শঙ্খ সবে আনন্দে মনত॥ প্ৰশংস৷ বচনে সহদেৱক পূজিলা। যুধিষ্ঠিৰ মহাৰাজে আনন্দ লভিলা | ২৭৮৩৭ আলিঙ্গন চুম্বন কৰিয়া অনস্তৰ। সকল শৰীৰ মাৰ্জ্জিলন্ত সোদৰৰ॥ ধন্য ধন্য সহদেৱ ধীৰ বলিয়াৰ। হৃদয়ৰ শল্য মোৰ কৰিল৷ নিস্তাৰ॥ ২৭৮৩৮ ৰাজাৰ মৰণে ক্ৰোধ কৰিয়৷ মনত। পাশুপত সম শক্তি ধৰিয়া হস্তত॥ মাদ্ৰীপুত্ৰ সহদেৱ বীৰক সমৰে। বধিবাক মনে বেঢ়িলেক নিৰন্তৰে। ২৭৮৩৯ দেখি ক্ৰুদ্ধমনে ধনঞ্জয় ভীমসেন। খেদি গৈলা গান্ধাগণক যম যেন ক্ষণে ক্ষণে সবাকো ৰধিলা দুইজনে। তোমাৰ তনয় দেখি ৰাজ। দুৰ্যোয়নে॥ ২৭৮৪০ 3664 www. আপুনাৰ সঙ্গে আছে যত বীগণ। তাসম্বাক সম্বুধিয়৷ বুলিল৷ বচন॥ হয় হস্তী ৰথ যত পদাতিসকল। বিলম্ব নকৰি পৰে সমৰক চল॥ ২৭৮৪১ নানা অস্ত্ৰ শস্ত্ৰ লৈয়৷ যুদ্ধৰ সজ্জাত। পাণ্ডৱৰ দলমধ্যে প্ৰৱেশ ত্বৰিত। দেখি মহাৰ্থীগণ বেঢ়ি তাসম্বকি। কৰে ধনু ধৰি কৰি ঘোৰ শৰজাক॥ ২৭৮৪২ দুই দণ্ড মধ্যে যধিলেক নিৰন্তৰ। হয় হস্তী পদাতি কটক কৌৰৱৰ। একাদশ অক্ষৌহিণী সেনা বলৱস্তু। মহা বলৱন্ত আৰো ৰাজা অপৰ্য্যন্ত॥ ২৭৮৪৩ ৰধিলেক পাণ্ডুগণে সবাকো সমৰে। অৱশেষে দুৰ্য্যোধন আছে একেশ্বৰে॥ চকিত নয়নে দশোদিশ নিৰীক্ষিল। দৃষ্টিৰ গোচৰে নিজগণ নেদেখিল॥ ২৭৮৪৪ শূন্য ভৈল সমৰ-ধৰণী সমুদায়। গদাগোট বিনে আৰ নাহিকে সহায়॥ যত প্ৰয়োজন সিদ্ধে পাণ্ডুপুত্ৰচয়। কৌতূহলে সিংহনাদ কৰন্তে আছয়॥ ২৭৮৪৫ তাক শুনি নৃপতিৰ হৃদয় কম্পিল। বিছুৰৰ বচনক মনত স্মৰিল॥ ভয় পায়। দুৰ্য্যোধনে শোকক লভিয়া। কতেক্ষণ মান পাচে আছিল ৰহিয়৷॥ ২৭৮৪৬ অনন্তৰে আলচ কৰিয়া মনে মনে। পলাইৰাক নিশ্চয় কৰিলা দুৰ্য্যোধনে। গুৰুতৰ গদাগোট ধৰি ভূমিপাৱে। পলাই গৈল কুপতি বিহ্বল স্বভাৱে॥ ২৭৮৪৭ সাৰ্ব্বভৌম ৰাজাগণ পৃথু আদি কৰি। কৰিল৷ ভকতি মুহূতিকে৷ পৰিহৰি।