পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব ভয়ঙ্কৰ ধনুখান টানি কৰ্ণমানে। চাৰিগোটা ঘোঁৰাক ভেদিলা চাৰিবাণে॥ নৱশৰে হৃদয়ত ভেদিল ধৰ্ম্মক। কম্পি কম্পি গৈলা আতি দেখিয়া জমক॥ ৯৩ বহুৱে ৰুধিৰ টানে মন্মথান ভেদি। হেন দেখি ভীমে তাক ক্ৰোধে গৈলা খেদি॥ ত্ৰিভুৱনে জানে ভীম সমৰে প্ৰচণ্ড। অৰ্দ্ধচন্দ্ৰ মাৰিয়৷ কাটিল ধলুখণ্ড॥ ১৯৩৯৪ ৰথ ৰক্ষালোক যত আছিল লগত। সাৰথি সহিতে তাক কাটিল সমস্ত॥ ৰথভঙ্গে পৰি বীৰ ভৈল আশকতি। ভূমিপাৱে পলাই পাচে ত্ৰিগৰ্ভনৃপতি॥ ১৯৩৯৫ মৎস্যৰাজ! এৰাই তাৰে গদাগোট লই। কোবাইবে লাগিল৷ সবে আগভেটি গই॥ বিপুমধ্যে ফুৰে ৰাজা পৰম হৰিষে। বৃদ্ধবয়সত যেন ষোড়শ বৰিষে॥ ১৯৩৯৬ ৰণ এৰি পলাই দেখি হুশৰ্ম্মাৰাজাক। ডাক দিয়া ভীমে নিন্দা বুলিলন্ত তাক। শুন অৰে দুৰাচাৰ নৃপতি নিলাজ। কৈক পলাই যাস তই মুবুজিয়া কাজ। ১৯৩৯৭ প্ৰাণ ৰাখি পলাই যাস পশুতো অধিক। নিষ্ফল পৌষ বাপে উপাৰ্জিল৷ কিক! ক্ষত্ৰজাতি হুয়া এৰিলিহি ৰণধৰ্ম্ম। অধৰ্ম্ম আচৰ পাপ নপুংসক কৰ্ম্ম॥ ১৯৩৯৮ সেৱে জান মূঢ় তোৰ একমান ভৰ। তেৱে কিক হেন কৰ্ম্ম কৰস বৰ্ষৰ তোহোৰ বীৰত্ব দেখি মোৰ উঠে হাস। এহিচাৰ মুখে গৰু লুৰি নিবে চাস। ১৯৩৯৯ ভীমৰ ৰচনে কোপে উলটি সুশৰ্ম্মা। ৰথে চৰি মহাকোপে ধাইল ক্ৰুৰকৰ্ম্মা। কৰ্ণমাণে টানি ধলু কৰিয়া টঙ্কান। ভীমকো অনেক শৰ কৰিল প্ৰহাৰ। ১৯৪০ খুব ভল্ল বিপাট নবাট ত্ৰিপ্ট। .. জাফে ক্লাৰে উৰৈ যেন খাবাসে চটক মহাবলী ভীমসেনে কটাক্ষে নচাস্ত। সিংহ সম গঞ্জি আৰে৷ তাক খেদি যাস্ত॥১৯৪০১ ভীমৰ প্ৰচণ্ড ভাব দেখি মুণ্ড তুলি। ৰথহস্তে নামি লৰ দিলা হহ বুলি॥ ভীমে! নামি তাক খেদি গৈলা লৱৰস্তে। জাম্প দিয়া চুলত ধৰিয়৷ বামহাতে॥ ১৯৪০২ যেন মত্তসিংহে ক্ষুদ্ৰ হৰিণক ধৰি। প্ৰাণে নমাৰিলে বীৰে কদৰ্থনা কৰি। আচোট কৰিয়৷ কোপে পেলাই পৃথিৱীত। দুয়োহাতে মুখ গোট ঘষিল মাটিত॥ ১৯৪৩ চৱৰ চপট কিল কতো মাৰে লাথি। হৃদয়ত জানু দিয়া বসিলন্ত আটি॥ ভীমৰ দুঃসহ ভাৱে নিষ্প্ৰাণ বদন। মুৰ্ছিত ভৈলস্ত ৰাজা হৰিল চেতন॥ ১৯৪০৪ ৰণত পৰিল দেখি নৃপতিত্ৰিগৰ্ভ। ৰণ এৰি ব্যুহভঙ্গে পলাইল সমস্ত॥ ছত্ৰ ছিহ্ন গাউল থাকিলেক পৰি পৰি। কতে! কতো ঘোৰ৷ ৰথ ধ্বঙ্গ গৈল এৰি # ৪০৫ এৰিল সকল গৰু বিৰাট ৰাজাৰ। বাপে পোৱে কাকো কেৱে নচায় আৰ॥ মাহুতে ৰণত এৰি গৈলেক মাতঙ্গ। এহিমতে ত্ৰিগৰ্ভৰ ৰণ ভৈল ভঙ্গ॥ ১৯৪০৬ লৱৰে পালৰ গৰু হামলাৱে গাই। তেৱেসে মৎসস্থাৰ সেনা আসিলা ওলাই || সহদেৰ নকুল যৰঞ্জা দুই ভাই। আগভেটি সব পাল নিল ওলটাই। ১৯৪০৭ যেন বায়ু অগ্নিৰ সহায় সমস্য। বহ্নিকে৷ নোজোৰৈ ভূপে দহে নিৰন্তৰ জগতে প্ৰসিদ্ধ পাণ্ডৱৰ পাঞ্চ ভাই। ছদ্মৰূপে ভৈলা মৎস্যৰাজাৰ সহায়। ১৯৪৮ তাৰ জানা কৈত পৰাভয় আছে আৰ। ব্ৰচিল৷ কংসাৰি কৰি বিৰাট পয়াৰ শুনিয়োক সভাসদ ভাগ্য আছে যান। ডাকি ৰাম হৰি বুলি বিয়োগান। ১৯৪৯