পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীষ্ম পৰ্ব্ব হেন দেখি ভীষ্ম তাত মনে গুণিলন্ত। যোগীৰ মৰণ যোগ্য নহে ইবেলাত॥ ২২৭১৩ সঞ্জয় বদতি কথা শুনা একমনে। আঘোণত ভীষ্ম পৰিলন্ত ঘোৰ ৰণে॥ বাট চাহি ৰহিলেক আঘোণ পৌষক। আঘোণে চলন্ত ৰবি দক্ষিণ পথক॥ ২২৭১৪ এতেকে মাঘক আপেক্ষিয়া মহাবীৰ। আঘোণ মাসত নমৰিল৷১মহাধীৰ॥ যেতিক্ষণে ভীষ্ম পৰিলন্ত ঘোৰ ৰণে। তেতিক্ষণে গঙ্গা দেৱী জানিলন্ত মনে। ২২৭১৫ গঙ্গায়ে বোলম্ভ মোৰ পুত্ৰ মহাবীৰ। জানে৷ অজিজ্ঞাসি বাপু তেজয় শৰীৰ॥ ইবেলাত দুত কৰি পাঞ্চি দিবো কাক। প্ৰাণ নেৰিবেক হেন কহিবে পুত্ৰক॥ ২২৭১৬ এহি বুলি দেৱী মনে গুণিলন্ত পাচে। দেখন্ত তপন্য| কৰি মুনিগণ আছে॥ তাসম্বাক পঠাইলেক ভাগিৰথী আই। পুত্ৰত কহিয়ো মোৰ শীঘ্ৰ বেগে যাই॥ ২২৭১৭ যেৱে উত্তৰাক সূৰ্য্য নচলন্ত মানে। কোৱা গৈয়া পুত্ৰত নেৰোক তাৱে প্ৰাণে॥ শুনি ঋষিগণে হংসৰূপে তাৱক্ষণে। চলি গৈলা যৈত আছে গঙ্গাৰ নন্দনে॥ ২২৭১৮ বণভূমি পাইলা গৈয়া আকাশ গমনে। ভীষ্মক দেখিলা শব-শয্যাত শয়নে॥ ভীষ্মৰ ধৈৰ্য্যক দেখি মনে গুণি সাৰ। আকাশত প্ৰদক্ষিণ কৰি শতবাৰ॥ ২২৭১৯ আগক আসিলা পাচে আদৰিত ভাৱে। সবে মিলি দক্ষিণক কৰিলা উৎসৱে। ইঙ্গিতে জানিলে তাঙ্ক শুনি নিৰস্তৰ। ইঙ্গিতে চিনিলা তাঙ্ক গঙ্গাৰ কুমাৰ॥ ২২৭২০ পাচে তাসম্বাক ভীষ্ম বুলিলন্ত বাক। গঙ্গাদেৱী পঠাইলেক জানো তোমাসাক # যেৱে উত্তৰাক নোহে তাৱে নেৰো প্ৰাণ। তুমিসবে আমাৰ মাতৃক দিয়া জান॥ ২২৭২১ হেন কথা শুনি মুনিগণ গৈলা চলি। কুৰু-পাণ্ডৱৰ সৈন্যে আছন্ত আকলি॥ তথাপিতো নেৰো প্ৰাণ শুনা মোৰ বাক। যাৱদেকে আদিত্য নোহয় উত্তৰাৰ্ক॥ ২২৭২২ আকে জানি আমাক দিয়োক সেনাগণ। বাপু দুৰ্য্যোধন শুনা আমাৰ বচন॥ চতুৰ্দ্দিশে আমাৰ বান্ধিয়ো গড়খান। আৰো এক বচন শুনিয়ে৷ বীগণ॥ ২২৭২৩ বিনি চামৰ ধৰিয়োক লুকোমল। শৰীৰৰ মাথিবোৰ খেদায়ে| সকল॥ দেখা মোৰ শিৰগোট ওলমি আছয়। তাৰ বিষে দেখা মোৰ শৰীৰ কাম্পয়॥ ২২৭২৪ তাৰ বিষে সকল শৰীৰে কৰে চোট। শৰ নাই ওলমি আছয় শিৰগোট॥ ভীষ্মৰ বচন শুনি ৰাজা দুৰ্য্যোধন। ভাল ভাল বালিশ অনাইলা তেতিক্ষণ॥ ২২৭২৫ নলৈলন্ত ভীষ্ম তাঙ্ক মহাকোপ কৰি। দেখি দুৰ্য্যোধন ৰাজ৷ থাকিল অন্তৰি | দুৰ্য্যোধন ৰাজা বৰ গৰিহাক পাইলা। অৰ্জ্জুনৰ মুখ তেৱে গঙ্গাহুতে চাইল৷॥ ২২৭২৬ ভীষ্ম বোলে নাতি মোৰ শুনিয়ে৷ বচন। ইকৰ্ম্ম সামৰ্থ মুহিবেক একোজন শুনিয়ে৷ বচন মোৰ বাপু ধনঞ্জয়। পৰম মহন্ত তুমি জান। সমস্তয়॥ ২২৭২৭ ওলমি আছয় মাথা মোৰ বৰ টান। আৰ অৰ্থে বাপু মোক দিয়োক শিতান॥ হেন শুনি ধনঞ্জয় উঠিলা তেখন। প্ৰদক্ষিণে গাঙ্গেয়ৰ নমিল৷ চৰণ॥ ২২৭২৮ গাণ্ডীৱ ধনুক ধৰি কৰিয়া টঙ্কাৰ। শৱদে পুৰিল গৈয়া স্বৰ্গৰ দুৱাৰ॥ বাছি বাছি প্ৰহাৰিল৷ ত্ৰিকটিকা শৰ। ভীষ্মৰ শিৰক মাৰি কৰিলা উপৰ॥ ২২৭২৯ ঊৰ্দ্ধমুখ শৰপুংখ ভূমি উপগত ভীষ্মৰ শিৰক ৰাখিলস্তু উপৰত।