সেহি নিশ৷ যুধিষ্ঠিৰে দেখিলা সপোন। ধৱল পৰ্ব্বতখান ভৈল দৰিশন! তাহাতে ধৱল বৃক্ষ দেখিতে শোভন। ফলে ফুলে প্ৰকাশয় আতি বিতোপন। ২১৫৬৮ ভূমিহত্তে পৰ্ব্বতত চৰিলা নৃপতি। পাচে গৈয়া বৃক্ষত চৰিলা মহামতি॥ ধৱল বসন পিন্ধি অনেক সুন্দৰী। অমৃত সুৰস অন্নে পঞ্চামৃতে ভৰি। ২১৫৬৯ সাদৰে ভুঞ্জাৱে নৃপতিৰ পুৰি মন। চেতন লভিলা ৰাজা উঠিলা তেখন॥ কৃষ্ণ অৰ্জ্জুনত ৰাজা সকলে কহিলা। সপোনৰ ফলশ্ৰুতি নাৰায়ণে দিলা। ২১৫৭০ আৰোহণ কৰে হয় বৃক্ষৰ উপৰে। গঞ্জকন্ধে ঘাই চৰি পৰ্ব্বত শিখৰে॥ প্ৰাসাদ উপৰে কৰে বিপুল ভোজন! ইসব লক্ষণে জানা উত্তম সপোন॥ ২১৫৭১ নিশ্চয় লভিবা ৰাজ্য ৰণে হৈবা জয়। ভীষ্মৰ সম্মুখে তুমি নকৰিবা ভয়। সেহিবেলা চৰগণে ৰাজাত কহিলা। সিঠাৱত দুৰ্য্যোধন ৰাজা যি কৰিলা॥ ২১৫৭২ দুঃশাসন কুমাৰক পঠাইলা ত্বৰিতে। বাপু তই সত্বৰে আসিয়ো অব্যাহতে॥ কত ৰীৰ কটক মৰিলা সমৰত। ৰথী ৰথ পদাতি কুঞ্জৰ ভৈলা হত। ২১৫৭৩ গণি পঢ়ি সত্বৰে কহিয়ো দুঃশাসন। হেন শুনি কুমাৰ লৰিল৷ তেতিক্ষণ | লেখা কৰি তেখনে আসিলা দুঃশাসন। ৰাজাৰ আগত কহিলেক দুধমন | ২১৫৭৪ দশ যে সাগৰ সেনা সকলে মাৰিলা। তিনি অক্ষৌহিণী সেনা ভীমে সংহাৰিলা | ষড়, বিংশতি যে মহাৰাজা ভৈলা হত। মহাবীৰ দুতয় হাজাৰ সমৰত॥ ২১৫৭৫ ঘাৰ চেক খায়া আছে যতেক নৃপতি। কক্ষতে আছৰ তাৰ নগৰে বিপত্তি। ভীষ্মৰ কেৱলে গাৱে নাহিকে চেতন। বিশল্যকৰণী দিয়া ৰাজা দুৰ্য্যোধন॥ ২১৫৭৬ ভীষ্মক বেঢ়িয়া সবে কুৰু বীৰগণ। মনদুখে বিষাদ কৰয় দুৰ্য্যোধন তেৱেসে চেতন পাইলা কেঙ্কাই কেঙ্কাই। দুৰ্য্যোধন ৰাজাক মাতিলা মুখ চাই। ২১৫৭৭ শুন বাপু দুৰ্য্যোধন ৰচন আমাৰ। কতেক সহিবো মই ভীমৰ প্ৰহাৰ॥ অৰ্জ্জুনৰ প্ৰহাৰে বেদনা সশৰীৰে 1 ৰাজাগণ লৈয়া যুদ্ধ দিল৷ যুধিষ্ঠিৰে॥ ২১৫৭৮ এতেক অস্ত্ৰৰ দ্বাৰ মোৰ শৰীৰত। অদ্যাপি বেদনা কৰে গাঁৱে নাহি তত॥ কালি প্ৰভাততে যুদ্ধ দিবা সব্যসাচী। তোমাসাৰ বীৰসব মুখ্য বাছি ৰাছি। ২১৫৭৯ বীৰ অৰ্জ্জুনক ৰাখি ভীমক যুজোক। তেৱে ধৰ্ম্মৰাজে মোৰ সমৰ বুজোক॥ হেন শুনি মাতিলা কুমাৰ দুঃশাসন। কালি মই প্ৰভাতে ভীমক দিবো ৰণ॥ ২১৫80 অৰ্জ্জুনক যুজিবো নৃপতি যুধিষ্ঠিৰ। ধৃষ্টদ্যুম্ন শিখণ্ডী দ্ৰুপদ মহাবীৰ!! এহি কথা চৰে কৈলা নৃপতিৰ আগে। যুধিষ্ঠিৰে সবাকে৷ মাতিলা বীৰভাগে॥ ২১৫৮১ বীগণ বহুলে বসিলা সভা পাতি। ধৰ্ম্মৰাজা সৰাকে বুলিবে লৈলা মাতি॥ কোনে কেনমতে আগবাঢ়ি দিবা ৰণ! মোৰ আগে একটি কহিয়ো বীৰগণ। ২১৫৮২ প্ৰথমে মাতিলা বৃকোদৰ মহাৰীৰে। কৰিবো তৰ্পণ দুঃশাসনৰ ৰুধিৰে। ধৃষ্টদ্যুম্নে বোলে মই বধিবো দ্ৰোণক। কালি প্ৰভাততে মোক পঠায়ো ৰণক। ২১৫৮৬ শিখণ্ডী বোলয় মই ভীষ্মক ৰধিবো। - অকণ্টক কৰি ৰাজ্য পাণ্ডৱক দিবো। সহদেৱে বোলন্ত ৰখিবো শকুনিক। যদি তাক নবধো বীৰৱ ধিক ধিক। ২১৫৮৪
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০৩
অৱয়ব