উভোগ পূৰ্ব্ব সি বেলাত দুৰ্য্যোধন হৈবে দৰ্পহানি। 1 ধনে ঘনে স্মৰিবে কৃষ্ণৰ বাক্যখানি॥ ২০৭৫৭ যি বেলাত ক্ৰোধে বৃকোদৰ মহাৰথী। ক্ষুদ্ৰ কুৰু-কদলিবনত যেন হাথী॥ ৰণভূমি নসহিব দিব ঘোৰ বিগ। ভয়াতুৰ পশুৰ মধ্যত যেন সিংহ॥ ২০৭৫৮ ঘোৰ গদা তুলি ধৰি শৰীৰৰ বলে।' যি কালত ক্ৰোধ মনে কৌৰৱ নিভলে। সি বেলাত দুৰ্য্যোধনে নিন্দি সমৰক। গৰিহ৷ কৰিবে মনে শকুনি কৰ্ণক॥ ২০৭৫৯ যি বেলাত সমৰে নকুল মহাকায়। বীৰবেশে আসে ঘোৰ পৃথিৱী কম্পায়। ধনু ধৰি অৰ্দ্ধচন্দ্ৰ শৰ একোপাটে। একেলগে একো কোটি কৌৰৱক কাটে॥ ৬ সি বেলাত বিদুৰৰ হুমৰি বচন। অসন্তোষ কৰিবেক ৰাজা দুৰ্য্যোধন॥ শতেক ঘোটক যাৰ হৰিদ্ৰা বৰণ। মুখগোট পাণ্ডুৰ শ্যামল দুই কৰ্ণ॥ ২০৭৬১ সুৱৰ্ণৰ তাৰা থানে থানে আছে আৰি। তাতে চৰি যদি সহদেৱে দেই ধাৰি। তেৱে সিকালত পাপমতি দুৰ্য্যোধনে। শকুনিক গালি পাৰিবেক ঘনে ঘনে॥ ২০৭৬২ সি বেলাত মহাক্ৰোধে ক্ষত্ৰিয়কুমাৰে। কালক আপেক্ষি যেন তক্ষক আকাৰে॥ মাতৃৰ নিকাৰ ঘোৰ স্মৰি দেহিমতে। বাট চাই আছে দ্ৰৌপদীৰ পাঞ্চলুতে৷ ২০৭৬৩ ঘোৰ ধনু ধৰিয়া পৰম কোপমনে। কপোতযূথক যেন পাঞ্চগোটা শেনে॥ ফুৰি ফুৰি নিডলিৰ কুৰু সৈন্যগণ। দেখি শোক কৰিলেক পুত্ৰ দুৰ্য্যোধন॥ ২০৭৬৪ যি বেলাত অভিমন্যু ক্ষত্ৰিয়কুমাৰ। বলে বীৰ্য্যে ৰূপে যেন কৃষ্ণৰ আকাৰ | যাৰ ক্ৰোধ শুনস্তে আমাৰ মনে ভীত। ভীষ্মক জোগক যিটো নকৰে ইঙ্গিত॥ ২০৭৬৫ 1804 বীৰ ধনঞ্জয় যাক মুহি পটন্তৰ। ভাগিন বুলিয়া আদৰম্ভ গদাধৰ। সিংহৰ যেনয় তেন মৃগক জোলক। যি বেলাত ৰথে চৰি ধাৱে কৌৰৱক॥ ২০৭৬৬ যত দুখ দিয়! আছে কৌৰৱসকল। ঘোৰ শৰে সবাকে দিবন্ত তাৰ ফল॥ তেৱে সিবেলাত পাপমতি দুৰ্য্যোধনে। শকুনিক গালি পাৰিবেক ঘনে ঘনে। ২০৭৬৭ যি বেলাত ধনঞ্জয় ইন্দ্ৰৰ কুমাৰ। ধনু শৰ ৰথে তুলি কৰে পয়োসাৰ॥ প্ৰাণদখি মাধৱে ডাকিবে চাৰি হয়। যি বেলাত অৰ্জ্জুনে ৰণভূমি প্ৰবেশয়। ২০৭৬৮ মহাক্ৰোধে কৌৰৱ সমুদ্ৰে দিবা বুৰ। সৰ্পচয় বিনাশস্ত যিমতে গড়। সেহিমতে কৌৰৱক বিচাৰি বিচাৰি। যমপুৰ ভৰাইবন্ত সবাহাঙ্কে মাৰি॥ ২০৭৬৯ তেৱে দুৰ্য্যোধনে কৰ্ণ শকুনিক নিন্দি। কৃষ্ণৰ বচন হুমৰিবে কান্দি কান্দি॥ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। এহি বুলি ধৃতৰাষ্ট্ৰ বিলাপ কয়॥ ২০৭৭০ চাই চাই আছে ৰাজাগণ নিৰন্তৰে। ভীষ্মে উঠি ৰাজাক মাতিলা ধীৰে ধীৰে॥ হুইতে৷ ৰাজা ক্ৰন্দন কৰহ দুখমনে। ই কথা পূৰ্ব্বত ক্ৰিয় নপৰিল মনে || ২০৭৭১ যি বেলাত তোহোৰ তনয় দুৰ্য্যোধন। পাশা খেলিবাক প্ৰতি কৰি আলোচন॥ তই যেৱে আজ্ঞা দিলি পাশা খেলিবাক। সিবেলাত প্ৰথমে বিদুৰে দিলে হাক৷ ২০৭৭২ যি বেলাত তব পুত্ৰ পাপিষ্ঠ কুমতি। অধৰ্ম্ম পাশাক পাতে শকুনি সহিতি॥ মায়া কৰি যুধিষ্ঠিৰ ৰাজাক জিনিল। সিবেলাত পাপী তোক দ্ৰোণে হাক দিল॥ '৭৩ যি বেলাত পাঞ্চ পতি শাৰ্দ্দনৰ আগে। দ্ৰৌপদীক ঘষাইলেক মৃগত্ যেন বাধে।
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪৯
অৱয়ব