পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰ্ব্ব ৰাজাগণে উঠি বোলে শুন৷ মহাৰায়। বান্ধি আনি কৃষ্ণক যোগাইবো তযু ঠাই॥ ৯৭ মহ! দুষ্ট নৃপতিগণৰ প্ৰাণবৈৰী। সৱে মান্য পায়ো যদি ধৰিবাক পাৰি। দুৰ্যোধনে বোলে কৰ্ণ উঠিয়ে৷ সত্বৰে। বাছি বাছি সৈন্য পাঞ্চা চাৰিয়ো দুৱাৰে॥৯৮ দুঃশাসন সমে পূব দক্ষিণত থাক। পশ্চিমক লাগি মই পাঞ্চিলে৷ মমাক॥ উত্তৰক লাগি ভগদত্ত মহাবলী। আমাৰ আদেশ যাত্ৰ থাকিবা আকলি॥ ২০৫৯৯ বান্ধিবাক নিয়া সবে নাগপাশ জৰী। খৰ্গচৰ্ম্ম নিব৷ বসনৰ আৰ কৰি॥ আপুনাৰ সসৈন্যে থাকিবা বাট চাই। যেন মতে মাধৱক ধৰিবাক পায়। ২০৬০০ ছিদ্ৰ যেৱে পাইলা তেৱে ধৰিবাহ৷ বেঢ়ি। পলাইবাৰ সন্ধি জানে মহা দুষ্ট হৰি। চাতুৰিক জানে কৃষ্ণ ৰণত পণ্ডিত। ধৰিবাহা বেঢ়ি সবে নপাৱে খণ্ডিত॥ ২০৬০১ দুৰ্য্যোধন আলোচ জানিয়া বিদ্যমানে। জুমি জুমি সাত্যকি গৈলন্ত সেহিথানে॥ দুৰাচাৰ্গণে আলোচিল যত মানে। আৰ হুই সাত্যকি শুনিলা সেহি থানে। ২০৬০২ বন্দী কৰিবাক খোজে মাধৱক ধৰি॥ হেন শুনি সাত্যকি অগনি সম জ্বলে। যেন মহা মুঢ়মতি ছব্বাল সকলে। কৃতবৰ্ম্ম৷ বীৰত যে কহিলা সকলে॥ শুনা কৃতবৰ্ম্মা তুমি নচাহিবা আন। জাণ্ট কৰি আমাৰ কটক জড়াই আন॥ ২০৬০৩ তোমাৰ আমাৰ ছুইৰ সাব্জি আনা ৰথ। দুষ্ট কৌৰৱক আজি পেশে৷ যমপথ | দুষ্টৰ দুষ্টালি কত সহিবাক পাৰি। কৃষ্ণক বধিবে খোজে ইটো গৰ্ব্ব কৰি৷ ২০৬০৪ শুনি কৃতবৰ্মা শীঘ্ৰবেগে গৈলা ধাই। তেতিক্ষণে আনিলন্ত কটক জোড়াই॥ কেহো ৰথী ঘোটকত প্ৰমত্ত মাতঙ্গ। অঙ্কুশৰ প্ৰহাৰত তোলাই আছে খল॥ ২০৬০৫ 3039 ! পৰম আক্ৰান্ত দেখি সবলোকে বোলে। দশন ভিড়িয়া যোনো নগৰক তোলে। কেহো ৰথী ৰথত পদাতি সমে চাপি। সভাৰ দ্বাৰত গৈয়৷ ৰহিল বিয়াপি। ২০৬০৬ সাত্যকি বদতি সবে ঐতে থাকা বই। কৃষ্ণৰ আগত মই জনাই আসে৷ গই || এহি বুলি সাত্যকিয়ে শীঘ্ৰে ৰেগে গৈলা। কৃষ্ণৰ আগত কথা কহিবাক লৈলা৷ ২০৬০৭ শুনা শুনা দদা দুৰ্য্যোধন দুৰাচাৰ। একোৱে প্ৰকাৰে মন নুবুজিয়া তাৰ॥ দুৰ্জ্জনে আলোচে প্ৰভু একেশ্বৰ পাই। বন্দী কৰি তোমাক থৈবাক এহি ঠাই। ২০৬০৮ । মাধৱে বদতি কোনে ধৰিবেক মোক।

অকাৰণে সাত্যকি মনত কৰা শোক॥

কিমতে ধৰিবে মোক একেশ্বৰ পাই। সভামাজে বসি তুমি থাকা বাট চাই॥ ২০৬০৯ হেন শুনি উঠিলা সাত্যকি বীৰবৰ। ধৃতৰাষ্ট্ৰ ৰাজাত কহিল৷ নিৰন্তৰ শুনা ধৃতৰাষ্ট্ৰ ৰাজা বচন আমাৰ। পৰম দুৰ্জ্জন দুৰ্য্যোধন দুৰাচাৰ। ২০৬১০ তাহাৰ আলোচ কহে। শুনা মন কৰি। অগনিক বান্ধি লই বস্ত্ৰৰ আঞ্চোলে। ২০৬১১ নতু অগ্নি নিয়ন্তে বসন পোৰা যায়। দুৰাচাৰ পাপিষ্ঠ তোমাৰ সেহি নয়। সাত্যকিৰ মুখে ধৃতৰাষ্ট্ৰে বাৰ্ত্ত৷ পাই। তেতিক্ষণে পাঞ্চিলেক বিদুৰক চাই। ২০৬১২ দুৰাচাৰ পুত্ৰ মোৰ আছে কোন থান। I কৰ্ণ দুঃশাসন যে শকুনি সমে আন। শুনিয়া বিদুৰ গৈলা আনিবাক মন। কাচি পাৰি আপুনি আসিলা দুৰ্য্যোধন॥ ২০৬১৩ অৰ্দ্ধেক পথত গই লাগ পাইল৷ তাক। পুনৰপি লগে আসি পাইলন্ত সভঙ্গক।