পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুশ
কেহেলি-কেন্দেলিকৈ
৫৬

গোটা চাউলতকৈ ভাল। এতেকে,—বেয়া বুলি বুজোৱা ভাল বস্তু, a thing which is really good but interpreted as bad with a sinister motive.

কুশ ছিঙ্গি দিয়া—ক্ৰি, বিয়াত ছোৱালী উলিয়াই দিলে কুশ ছিঙ্গি দিয়া হয়, অৰ্থাৎ সেই দিন ধৰি ছোৱালীয়ে বাপেকৰ গোত্ৰ এৰি গিৰিয়েকৰ গোত্ৰ পায়। এতেকে,—সমূলি সম্পৰ্ক নাৰাখি দান কৰা, to give absolutely.

কুহুলিয়াই কথা কোৱা—ক্ৰি, কুলিৰ দৰে কুহু কুহু মাত মাতি কথা কোৱা, লেনিয়াই কথা কোৱা, to talk endearingly.

কূটা এডোখৰ দুডোখৰ নকৰা—বিণ, সমূলি বন বাৰি নকৰা, ধোদা, An extremely indolent person.

কেওঁ কিছু নাইকিয়া—বিণ, [ কেওঁ মানুহ কিছু বস্তু নাইকিয়া ] আত্মীয়-স্বজন ও ধন-বস্তু নাইকিয়া, নিৰাশ্ৰয় ও টোকোনা, সহায় সম্পত্তিহীন, destitute, helpless.

কেতৰ-কলিয়া—বিণ, [ খেতৰ কলিয়া ] খেতৰ এবিধ ভূত। সিহঁতৰ গাৰ বৰণ অতি ক’লা। এতেকে—,অতিপাত ক’লা, jet-black.

কেয়াঁ আঙ্গুলিৰ জোৰ লব নোৱৰা—ক্ৰি, যুঁজত হতাহতি কৰা হয়। এই স্থলত কোৱা হৈছে যে হাতৰ যি নিচেই সৰু অঙ্গ অৰ্থাৎ কেয়াঁ আঙ্গুলী তাৰে জোৰ লব নোৱাৰে অৰ্থাৎ তাকে বলেৰে নোৱাৰে। এতেকে,—সমূলি সমকক্ষ হব নোৱৰা, অলপো বলে নোৱৰা, to be inferior out of all proportion.

কেঙ্কেটুৱাৰ বাঁহ-পাতৰ ভেঁটি—বিং, কেৰ্কেটুৱা বাঁহনীত থাকে। ভেঁটি দিবলৈ তাৰ বাঁহপাতত বাজে আন একো সম্পত্তি নাই। এতেকে,—ক্ষুদ্ৰ মানুহৰ ক্ষুদ্ৰ উপহাৰ, a humble present by a humble person.

কেল্‌পনীয়া জীৱ—বিং, (কেল্‌পনীয়া = কেলেপ্‌+ঈয়া। ) অনাহাৰত কেলেপ্‌ কেলেপ্‌ কৰি থকা জীৱ, দীন-হীন প্ৰাণী, তুচ্ছ মানুহ, a wretch.

কেহেলি-কেন্দেলিকৈ যোৱা—ক্ৰি, কোনো মানুহৰ কোনো ঠাইলৈ যাবৰ ইচ্ছা নাথাকিলে তাক যদি বলেৰে তালৈ পঠোৱা যায়, জেনেহলে সি বাটে বাটে কাহি আৰু কান্দি এখুজি-দুখুজিকৈ লাহে লাহে যায়।