পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীল-খোৱা
কুকুৰে
৫৩

দেওৱে পালে অৰ্থাৎ গাত আহি লম্ভিলে নিজৰ ওপৰত নিজৰ আয়ত্ব নাথাকে। এতেকে,—নিজৰ ওপৰত নিজৰ আয়ত্ব হেৰুওৱা, to be out of oneself, to lose control over self.

কীল-খোৱা—বিণ, বৰকৈ দুষ্টালি কৰি ফুৰিলে যে কীল খাব লাগে। এতেকে,—মহাদুষ্ট, very wicked.

কীলৰ খাৰ খোৱা—ক্ৰি, কল গছ, ফুট-ছাই, পূনি ইত্যাদিৰ দ্বাৰা খাৰ প্ৰস্তুত হয়। চহা মানুহে সদাই খাৰ খায়। এই স্থলত কোৱা হৈছে যে তেনে খাৰ নাখাই কীলৰ দ্বাৰা প্ৰস্তুত খাৰ খায়। এতেকে,—সদাই কীল-মাৰ খোৱা, to be beaten top often.

কীললৈ বাসুদেৱ ডৰোৱা—ক্ৰি, [ ‘ভয়ত ভগৱন্ত পলোৱা’ চোৱাঁ। ]

কুকুৰ চিকুণ হলে গিৰিহঁতৰ যশ হোৱা —ক্ৰি, কুকুৰ চিকুণ হলে বুজা যায় যে গিৰিহঁতে তাক ভালকৈ পোহ-পাল দিছে। এতেকে,—তলতীয়া মানুহৰ অৱস্থা ভাল হলে ওপৰঞ্চি মানুহে সেই বাবে শলাগ পোৱা, the accruing of credit to a master if his servant is well off.

কুকুৰ-টোপনি—বিং, কুকুৰে দুৰ্ঘোৰ টোপনিত থাকিলেও খিৰিক কৰিলেই শাৰ পায়। এতেকে,—তৎক্ষণাৎ শাৰ পোৱা টোপনি, the state of sleep when a person wakes at the slightest sound.

কুকুৰ মৰণেৰে মৰা—ক্ৰি, কুকুৰে ভাতৰ চৰু চুলে আটায়ে খেদি কুৰি তাক মাৰে। এতেকে,—ঘৃণিত অপযশ পাই মৰা, to die an ignominious death.

কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহা—ক্ৰি, কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহে, আন কুকুৰক তাৰে এডোখৰত পাৰি বহিবলৈ নিদিয়ে। কোনো মানুহৰ সম্পত্তি বেচি হলে সি নিজে ভোগ কৰে, তাৰে এক অংশ আনক ভোগ কৰিবলৈ নিদিয়ে। সম্পত্তিশালী মানুহক কুকুৰেৰে তুলনা কৰা হৈছে। এতেকে,—ঘৃণিত-জীৱন মানুহৰ সম্পত্তি বাঢ়িলে নিজে মাথোন তাক ভোগ কৰা, ( গালিৰ মাত ) to enjoy a good thing all alone like a mean self-seeker, (used in reproach).

কুকুৰে কাঁইট নোখাৱা কৰা—ক্ৰি, কুকুৰে মাছৰ কাঁইট হেঁপাহেৰে খায়। এই