পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 অসমীয়া খণ্ডবাক্য-কোষৰ অভাৱ বহু কালৰেপৰা অসমীয়া সাহিত্যৰ হিতাকাক্ষী সকলে অনুভৱ কৰি আহিছে। সেই অভাৱ কথঞ্চিৎ পৰিমাণে পূৰ্ণ কৰিবৰ নিমিত্তে আমি এই পুথিখনি যুগুত কৰিলোঁ। ইয়াত ২৩৮৭ টা খণ্ডবাক্য আছে। পুথিৰ গাত যে বহু আসোঁৱাহ ৰৈ গৈছে, সেই কথা আমি নিঃসন্দেহে বুজিব পাৰিচোঁ। আমি পুথিখনিৰ গাত যেনে সাজ পিন্ধাম বুলি ভাবিছিলোঁ, সময়ৰ নাটনিত তেনে কৰিব নোৱাৰিলোঁ। লৰালৰি কৰি ইয়াক প্ৰকাশ কৰাৰ উদ্দেশ্য এইয়ে যে এই শ্ৰেণীৰ পুথিৰ অভাৱ এনে বেচি হৈছে যে এনে পুথি সমূলি নোলোৱাতকৈ খৰচীয়াকৈ ওলোৱাও ভাল।

 খণ্ডবাক্যবিলাকৰ শুদ্ধ ব্যাখ্যা দিবৰ নিমিত্তে আমি সাধ্যমতে পুৰুষাৰ্থ কৰিছোঁ। কোনো কোনো খণ্ডবাক্য এনেকুৱা যে তাৰ চলিত অৰ্থটোকে হে মানুহে বুজি পায় মুল কি কোনেও কব নোৱাৰে। তেনেস্থলত যি ব্যাখ্যাৰ দ্বাৰা চলিত অৰ্থ সৰ্ব্বতোভাৱে বোধগম্য হব পাৰে, তেনে ব্যাখ্যা প্ৰয়োগ কৰা হৈছে। আৰু য’ত কোনো খণ্ডবাক্যৰ মুলৰ ব্যাখ্যা দুই বা ততোধিক প্ৰকাৰে হব পাৰে তেনেস্থলত যি ব্যাখ্যা আটাইতকৈ অধিক যুক্তিসঙ্গত, তাকে ব্যৱহাৰ কৰা হৈছে। সাহিত্য-ৰথী-সকলে কোনো ব্যাখ্যা অসঙ্গত দেখিলে যেন দয়া কৰি আমাক জানিবলৈ দিয়ে, ইয়াকে গোহাৰি কৰিলোঁ। আমি দ্বিতীয় তাঙ্গৰণত সকলো প্ৰকাৰৰ আসোঁৱাহ চাবৰ নিমিত্তে গাত ললোঁ। অসমীয়া ভাষাত খণ্ডবাক্যৰ সংখ্যা ইমান অধিক যে একেবাৰে সম্পূৰ্ণ খণ্ডবাক্য-কোষ প্ৰকাশ কৰা এক প্ৰকাৰ অসম্ভৱ বুলিলেও দায় নাই। মুঠতে এই কলেই হব, যে যত দূৰ সম্ভৱ সম্পূৰ্ণৰ ওচৰাওচৰি কৰিবৰ নিমিত্তে অহা বাৰলৈ যত্ন কৰা যাব। আমি ডাঠি কব পাৰে, যে দ্বিতীয় তাঙ্গৰণত থকাৰ সংখ্যা অতি কমেও দুগুণ বাঢ়িব।

 খণ্ড বাক্যবিলাক ক্ৰিয়া, বিশেষ্য বিশেষণ ইত্যাদি শব্দ-প্ৰকৰণৰ বিভাগ মতে ব্যবহৃত হয়। কোন্‌টো খণ্ডবাক্য কেনে-স্বৰূপে ব্যৱহৃত হৈছে, তাক সংক্ষিপ্ত চিনৰ দ্বাৰা বুজাই দিয়া হৈছে। কোনো খণ্ডবাক্য যি বিভাগ দেখুৱালে ব্যাখ্যা বুজিবৰ নিমিত্তে সুচল হয়, সেই খণ্ডবাক্য সেই বিভাগত দেখুওৱা হৈছে।