পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুকলি
যমৰ
৩১২

তাকে দিব পৰা বস্তু, মুল্য নাইকিয়া বস্তু, things of almost no value.

মুকলি ফুৰা—ক্ৰি, অসমীয়া মানুহে চাপৰিৰ নিচিনা ঠাইত গৈ শৌচাচাৰ কৰে। এতেকে,—শৌচাচাৰ , to evacuate bowels.

মুখ যুঁজোৱা—ক্ৰি, মুখেৰে যুঁজ কৰা অৰ্থাৎ বৰকৈ তৰ্কা-তৰ্কি কৰা, to debate hotly.

মুখ জুই দিলে নোপোৱা—ক্ৰি, জুই চোকা দেখি মুখ পুৰিব পাৰে। কিন্তু এই স্থলত কোৱা হৈছে, যে মুখ জুইতকৈও চোকা বাবে জুইয়ে তাক পুৰিব নোৱাৰে। এতেকে,—মুখ অতি চোকা হোৱা, to be foul- mouthed.

মেওৱে খোৱা—ক্ৰি, কেঁচুৱা লৰাই মেকুৰীক 'মেও’ বোলে। কেঁচুৱা লৰাক ভাত খুৱাই থাকোঁতে নেদেখাকৈ মেকুৰী আহি মাছ চুৰ কৰি লৈ যায়। সেই ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—কাৰণ বুজিব নোৱৰাকৈ অকস্মাৎ অদৃশ্য হোৱা,( বিদ্ৰূপ ), to disappear suddenly in an unaccountable manner ( used ironically).

⸺⸺


য।


যমৰ বুকুত দিয়া—ক্ৰি, পুতেকক মাকে বুকুত সাবটি ধৰি থাকে। এই স্থলত, মাকৰ বুকুত নিদি যমৰ বুকুত দিয়া হয় বোলা হৈছে। এতেকে,— মৰণৰ দ্বাৰা হেৰুওৱা, to lose by death.

⸺⸺

⸻⸻