পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাল
বাঘৰ
৩০৬

পাল খোৱা--ক্ৰি, [ পালত খোৱা) (খোৱা =সম্ভোগ কৰা। ) জন্তুৱে সম্ভোগ কৰিবলৈ হলে পালত অৰ্থাৎ জাকত ফুৰে গৈ। এতেকে,—সঙ্গম কৰা, (জন্তুত খাটে), to have sexual intercourse ( said of animals ).

পাতি-দিয়াক খীৰোৱা—ক্ৰি, যিজনী গাইয়ে গাটো পাতি দিয়ে অৰ্থাৎ থিৰ হৈ থাকে, তাইক খীৰোৱা হয়। কিন্তু যি জনী গাইয়ে দুপ-দুপাই থাকে আৰু লথিয়ায়, তাইক কোনোৱে নিখীৰায়। এই স্থলত, সেও হৈ দিয়া মানুহক পাতি দিয়া গাইৰে তুলনা কৰা হৈছে। এতেকে,— সেও হৈ দিয়া মানুহৰ পৰা ধন-বস্তু চুচি নিয়া, to extort things from a person who is found to be yielding in nature.

পানীৰ মাছ — বিং জালেৰে পানীৰ মাছ ধৰা হয়। জালত সোমালে মাছ ধৰা পৰে, নোসোমালে সাৰি যায়। কেনো মাছ ধৰিব পৰা যাব বুলি নিশ্চিতৰূপে কব পৰা নাযায়। এতেকে,—অনিশ্চিত ফল, un- certain result

পেট দিয়া—ক্ৰি, পেটৰ কথা জানিবলৈ দিয়া, বিশ্বাসী কথা কোৱা, to un- bosom a secret, to disclose a confidential matter.

⸻⸻

ব।

বস্তু-কাৰণ লোৱা—ক্ৰি, বস্তু=সাৰ-বস্তু অৰ্থাৎ ধৰ্ম্মৰ গূঢ়। কাৰণ আনুষঙ্গিক পদ, ইয়াৰ বেলেগ অৰ্থ নাই। এতেকে,—ধৰ্মপন্থত দীক্ষিত হোৱা, to be initiated in the mysteries of a religious denomination.

বাঘৰ মাহীয়েক—বিং, মেকুৰী আৰু বাঘ দেখিবলৈ একে। বাঘৰ মাক বাঘতকৈ দুৰ্ব্বল। মেকুৰীও দুৰ্ব্বল। তথাপি মেকুৰীক বাঘৰ মাক বুলিব পৰা