পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দাও দাওকৈ
নকৰিবৰ
৩০৩

character of a person from his or her outward conduct (especially applies to a woman).

দাও-দাওকৈ অহা—ক্ৰি, [ দাও-দাওকৈ উঠি অহা ] ঢোলৰ চেও প্ৰথমে দাও- দাওকৈ বাজি পাচে ক্ৰমশ: উঠি আহে। এতেকে,—ক্ৰমশ: উগ্ৰ ভাব ধাৰণ কৰা, to grow more and more violent.

⸻⸻

ধ।


ধদুৱাৰ কীল—বিং, ( ধদুৱা =চপনীয়া ) চপনীয়া মানুহ ক্ষমতাহীন। তেনে মানুহে ঘৈণীয়েকক টানকৈ কীলাব নোৱাৰে। এতেকে,—ক্ষমতাহীন মানুহে দিয়া দণ্ড, a punishment awarded by a person having almost no authority.

ধান বঢ়োৱা দি বঢ়োৱা—ক্ৰি, টেকী দিওঁতে থোৰাৰ খুন্দাত ধানবিলাক সিঁচিৰতি হৈ পৰে। অনবৰত সেই ধান বঢ়াই খুবলিত পেলাই থাকিব লাগে। এতেকে,—অনবৰত কোনো মানুহৰ আগুৰি থকা, to keep a person from straying away by unremitting vigil- ance.

⸻⸻

ন।

ন-ভগনীয়া মানুহ—বিং , এঠাইৰপৰা আন ঠাইত ন-কৈ বসতি কৰা মানুহ, a new settler.

নকৰিবৰ চকৰি কৰা—ক্ৰি, চকৰি কৰা=চকৰিৰ নিচিনা কৰা অৰ্থাৎ চকৰিৰ দৰে ঘুৰাই লৈ ফুৰোৱা। নকৰিবৰ = নকৰিব-লগীয়া। এতেকে,— অত্যন্ত দুৰ্দ্দশাগ্ৰস্ত কৰা, to put to immense trouble.