পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাত
হাতত
২৮৪

হাতত বল লাগে। এতক,—দানী, charitably-disposed.

হাত ভৰি ধোৱা—ক্ৰি, ভাত খাবৰ নিমিত্তে গা ধোৱা হয় কিন্তু জলপান খাৰৰ নিমিত্তে হাত আৰু ভৰি মাথোন ধোৱা হয়! এতেকে,—পান খোৱা, to eat tiffin.

হাত মুকলি—বিণ, হাতৰ মুঠি মুকলি, দানী, charitable, beneficent.

হাত মেলি মেলি নচা—ক্ৰি, অতিৰিক্ত আনন্দ হলে ইতৰ মানুহে হাত মেলি মেলি নাচে। এতেকে,—অতিৰিক্ত আনন্দ প্ৰকাশ কৰা, to express an excess of mirth.

হাত-মোছা কানি—বিং, (কানি= কাপোৰ। ) মানুহে বেয়া কাপোৰত তিতা বা মলিযুক্ত হাত মোছে। অপদাৰ্থ মানুহক এনে কাপোৰেৰে তুলনা কৰা হৈছে। এতেকে,—অপদাৰ্থ মানুহ, a col. contemptible person.

হাত ৰাখি দিয়া—ক্ৰি, [ হাতত ধৰি ৰাখি দিয়া ] হাত আগলৈ যাবলৈ নেৰি ধৰি ৰাখি দিয়া, তাকৰ কৈ দিয়া, to give sparingly.

হাত লগোৱা—ক্ৰি, হাত লগাই অৰ্থাৎ হাতৰে চুই কীলাৱো, to lay hands on, to assault.

হাত লৰ—বিণ, হাতে গিৰিহঁতৰ বস্তু ভিতৰতে আবদ্ধ নাথাকি লৰ-চৰ কৰি সুবিধা পালে পৰৰ বস্তু দাঙি ধৰে বোলা হৈছে। এতেকে,—পৰ দ্ৰব্য অপহৰণকাৰী, thievish.

হাত লেচাৰি যোৱা—ক্ৰি, মনত অচিন্তা হলে খোজ কাঢ়োঁতে মানুহে হাত লেচাৰি যায়। এতেকে,—অচিন্তা-ভাৱেৰে যোৱা, to walk leisurely.

হাত সৰা—ক্ৰি, [ হাতৰপৰা সৰা ] হাতৰ পৰা এৰাই যোৱা, পলাই যোৱা, আঁতৰ হোৱা, to get out of hand.

হাত সাবটি থকা—ক্ৰি, এলেহুৱা মানুহে জাৰত হাত সাবটি বহি থাকে। এতেকে,—এলাহ লাগি কাম-কাজ নকৰাকৈ থকা, to sit with folded hands, to waste time in idleness.

হাতত ধৰা— ক্ৰি, হাতেৰে কোনো কাৰ্য্য কৰিব খুজিলে হাতত ধৰি বাধা দিয়া যায়। এতেকে,— বাধা দিয়া, to resist, check, hinder.

হাতত ধৰি ভৰিত ধৰাৰ সমানে কোৱা—ক্ৰি, হাত আৰু ভৰি দুইটা একে শৰীৰৰ বিভিন্ন অঙ্গ। হাতত ধৰি কোনো বিষয়ে অনুৰোধ কৰা