পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হৰিণে
হস্তীৰ
২৭৯

arouses jealousy and a desire to harm in the breast of other people.

হৰিণে বাঘৰ গাল চেলোকা—ক্ৰি, বাঘে হৰিণক বধি তাৰ মাংস খায়। হৰিণে নিলগতে বাঘৰ গম পালেই পলাই ফুৰে। এই স্থলত, হৰিণে ওচৰলৈ চাপি বাঘৰ গাতে লাগি তাৰ গালখন চেলেকি দিয়ে বোলা হৈছে। জন্তুবিলাকে চেলেকা-চেলেকি কৰি ইটোৱে-সিটোৱে মৰম বুজায়। এতেকে,—অসম্ভৱ কাৰ্য্য ঘটা, the happening of the im- possible.

হৰ্ষ-বিষাদ লগা—ক্ৰি, আনন্দত বেজাৰ লগা, আনন্দ আৰু বেজাৰৰ মিহলি অবস্থা পোৱা, to feel pleasure mingled with pain.

হ’ল বিয়াত উৰুলি দিয়—ক্ৰি, প্ৰস্তাৱ ঠিক্ ঠাক্ হৈ বিয়াৰ সময় উপস্থিত হল, উৰুলি দি উৎসৱ সমাধা কৰিব লাগে। তৰ্ক-বিতৰ্কৰ সময় পাৰ হৈ কাৰ্য্য-কাল উপস্থিত হল, এই ভাব বুজোৱা হৈছে। এতেকে,— কাৰ্য-কাল উপস্থিত হলে তৰ্ক-বিতৰ্ক এৰি কাৰ্য্য সুকলমে সমাধা কৰিবলৈ চেষ্টা কৰা, to try to finish a work quickly after it has actually been commenced without delaying it by discussions which are too late.

হলা গছত আটায়ে বাগি কুঠাৰ মৰা—ক্ৰি, পোন হৈ থকা গছ কাটিবলৈ টন। কিন্তু যি ডাল গছ হলি থাকে তাত কুঠাৰ মাৰিবলৈ চল, আৰু সি নিজৰ ভৰতে সহজে পৰি যায়। এই স্থলত কোৱা হৈছে, যে হলা গছ দেখিলে আটায়ে বগিয়াবগিকৈ কুঠাৰ মাৰে অৰ্থৎ প্ৰত্যেকে পাল বাটি কাটে, কোনেও পাল এৰি নিদিয়ে। পোন হৈ থকা কাঠ কাটিবলৈ হলে, প্ৰত্যেকে আনক কাটিবলৈ কৈ নিজে আঁতৰি থাকিব খোজে। বিপদত পৰা মানুহক হলা গছেৰে তুলনা কৰা হৈছে। এতেকে,—বিপদত পৰা মানুহক সকলোৱে অপকাৰ কৰিবলৈ আগ- বঢ়া, the harassing of a person who is already in trouble by everybody who meets him.

হস্তীৰ পাৱ পিছলা—ক্ৰি, হস্তী ডাঙ্গৰ জন্তু। খোজ কাঢ়োঁতে আচলত কেতিয়াবা কেতিয়াবা তাৰে ভৰি পিছলি যায়। এতেকে,—ডাঙ্গৰ মানুহৰে কেতিয়াবা ভুল হোৱা, the taking of a false step