পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাৱণৰ
ৰূপতী
২৪৮


নিস্তাৰ নোপোৱা, to be confronted with danger on either way.

ৰাৱণৰ চিতা জ্বলা— ক্ৰি, প্ৰবাদ আছে যে ৰাৱণৰ চিতা আজিলৈকে জ্বলি আছে, আৰু সি কোনো কালে নুনুমায়। এতেকে,—সৰ্ব্বতিকাল জ্বলি থকা, চিৰকাল স্থায়ী হোৱা, to last for all time, to be perpetual.

ৰাৱতে শিয়াল পখৰা বুলি চিনা—ক্ৰি, ( উপকথা) শিয়ালে আঁচু-কাঠৰ পানীত জোবোৰা খাই পখৰা হল। হাবিৰ জন্তুবিলাকে তেতিয়া শিয়ালক চিনিব নোৱাৰি ভয়ত বিহ্বল হ’ল। শিয়ালে চেলু পাই নিজকে ৰজা বুলি পৰিচয় দিলে। অৱশেষত অন্যান্য শিয়ালে হোৱা দিলত, স্বভাৱ- সিদ্ধ ধৰ্ম্ম অনুসৰি পখৰা শিয়ালেও ‘হোৱা’ ’হোৱা’ ৰাৱ কাঢ়িবলৈ ধৰিলে। সি প্ৰকৃততে শিয়াল, গাত ৰং সানি পখৰা হৈ ৰজা বুলি মিছাকৈ পৰিচয় দিছিল, এই কথা তাৰ ৰাৱতে ধৰা পৰিল। এতেকে,—কোনো মানুহৰ স্বৰূপ তাৰ স্বভাৱৰ দ্বাৰা চিনি পোৱা, to know a person by his conduct.

ৰাহিয়ে ৰাহিয়ে অহা—ক্ৰি, ( ৰাহি = ৰাশি। অহা =মিল হোৱা। ) মতে মতে মিল হোৱা, to be of one mind in any matter.

ৰিণিকি ৰিণিকি দেখা—ক্ৰি, ( ৰিণিকি ৰিণিকি =ৰিণি ৰিণি অৰ্থাৎ ৰিঙ্গি ৰিঙ্গি বা অলপ ৰঙ্গা হৈ। ) বহু দূৰৰ বস্তু বেলিৰ পোহৰ পৰি অলপ মাথোন ৰঙ্গচুৱাভাৱে দেখা যায় বোলা হৈছে। এতেকে,—বহু দূৰৰ- পৰা যৎকিঞ্চিৎ পৰিমাণে দেখিবলৈ পোৱা, to see indistinctly at a long distance.

ৰুকুণী—বিং, [ ৰুক্মিণী] ৰুক্মিণী শ্ৰীকৃষ্ণৰ ভাৰ্য্যা। তেওঁ অতি ৰূপবতী আছিল। এতেকে, —অতি ৰূপৱতী তিৰোতা, a very beautiful woman.

রূপত ৰাং চৰোৱা—ক্ৰি, ৰূপ ধুনীয়া বস্তু। তাৰ ওপৰত ৰাং চৰালে সি দেখি- বলৈ আৰু ধুনীয়া হয়। এতেকে,—ধুনত ধুন বঢ়োৱা, to add beauty to what is already beautiful.

ৰূপতী দেখি চুপতি কৰা—ক্ৰি, (ৰূপতী= ৰূপৱতী। ) ৰূপৱতী তিৰোতা দেখিলে মানুহে চুপতি কৰে। এতেকে—সুন্দৰ বৰ দেখি লোভ