পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাতি-খোৱা
ৰান্ধনী
২৪৬


নিস্ফল হোৱা, the coming to nought of a joint business.

ৰাতি-খোৱা ভকত—বিং, কোনো কোনো ভকতবিলাকে সাধাৰণ মানুহে নেদেখাকৈ কোনো বিশেষ ধৰ্ম্মপন্থা অনুযায়ী নিয়ম-কাৰণেৰে মাজ- ৰাতিৰ পিচত ভোজ ভাত খায়। সকলো ভকতে তাত জাতি-বৰ্ণ নিৰ্বিশেষে একে লগে বহি খায় আৰু তেনে ভোজত অখাদ্য বস্তুও চলে। এতেকে,—অনাচাৰী মানুহ, a heretic.

ৰাতিক দিন কৰি—-ক্ৰি-বিণ, দিনত যেনেরূপে কাৰ্য্য কৰা হয়, ৰাতিও সেইৰূপে কাৰ্য্য কৰা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—কায়-ক্লেশে, অত্যন্ত পৰিশ্ৰমৰ দ্বাৰা, with great efforts, lalouriously.

ৰাতিটোকে হাতীটো দেখ—ক্ৰি, ৰাতি ক’লা, হাতীও ক’লা। দুইটা শব্দৰে উচ্চাৰণৰো সাদৃশ্য আছে। হাতী ডাঙ্গৰ জন্তু। এই স্থলত কোৱা হৈছে, যে ৰাতিটো হাতীটো। অৰ্থাৎ হাতীটোৰ সমান ডাঙ্গৰ। এতেকে,—ৰাতিৰ ভিতৰতে ডাঙ্গৰ ঘটনাৰ দ্বাৰা আক্ৰান্ত হোৱা, একেটা ৰাতিতে বহু দুৰ্ঘটনাৰ দ্বাৰা অভিভূত হোৱা, to be confronted with the dark night which may hold in its womb ally calamity of unforeseen character.

ৰাতিৰ পাচত দিন হয় বুলি অজান ফকিৰেও জনা—ক্ৰি, ফকিৰে ভবিষ্যৎ কথা জানে। অজান ফকিৰ এই বাক্যে ‘ভবিষ্যৎ কথা নজনা ফকিৰ’ বুজায়। ৰাতিৰ পাচত দিন হয়, সেইটো কথা কবলৈ ভবিষ্যৎ বক্তা নালাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—স্বতঃসিদ্ধ কথাকে ভবিষ্যৎ উক্তি-স্বৰূপে কোৱা, to prophesy a fact which is self-evident to the meanest intelligence.

ৰাতি সেৱা—বিং, [ ৰাতি দেৱতা সেৱা ] কোনো বিশেষ ধৰ্ম্ম-পন্থাৰ মানুহে দেৱতা-সেৱা কৰিৰৰ নিমিত্তে গুপ্তভাৱে সবাহ পাতে। এতেকে,— গুপ্ত মেল, a secret assembly.

ৰাধাপটি বাট—বিং, পূৰ্ব-কালত শ্ৰীকৃষ্ণই গৰু চৰাওঁতে ৰাধাই তেওঁৰ ওচৰলৈ ইমান সঘনে অহা-যোৱা কৰিছিল, যে হাবিৰ মাজত বহল মুকলি পটি হৈ গৈছিল। এতেকে,—বহল মুকলি বাট, a wide open path.

ৰান্ধনী উচটাই জোল খোৱা— ক্ৰি, ৰান্ধনী ভাল বুলি কলে উচটনি পাই তেওঁ শলাগোঁতাজনক অধিককৈ আঞ্জা ও জোল দিয়ে। এতেকে,—