পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰণত
ৰাইজৰ
২৪৪


ৰণত পৰি কলিয়া হোৱা—ক্ৰি, ৰণ কৰিবলৈ গলে দুখ কষ্ট সহিব লগীয়া হোৱাত চেহেৰা ক’লা হয়। এই স্থলত বুজোৱা হৈছে, যে সাধাৰণ অৱস্থাত চেহেৰা ভাল আছিল, কিন্তু আকস্মিক ঘটনাত চেহেৰা বিগৰিছে। এতেকে, — আকস্মিক বিপদত পৰি অৱস্থাহীন হোৱা, to be ill off on account of all unforeseen adverse circumstance.

ৰণ-শিঙ্গা বজোৱা — ৰণত ৰণ-শিঙ্গা বজোৱা হয়। এতেকে-ৰণলৈ আহ্বান কৰা, to challenge to fight.

ৰসতে নাম থোৱা—ক্ৰি, সবাহৰ শেষত উৎসাহেৰে খৰকৈ চাপৰি বজোৱা হয়। তেতিয়া নাম-গোৱাৰ ৰস ওলায়। কিন্তু খৰ চাপৰি যদি বহু পৰ ৰখা হয়, তেনেহলে হাত বিষাই চাপৰি ঢিলা আৰু লেটি-পেটি লাগি পৰে। তেতিয়া নাম-গোৱাৰ ৰস নাইকিয়া হয়। তেনে অৱস্থা নৌ হওঁতেই নাম থব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,— কোনো কাৰ্য্যৰ নিমিত্তে উৎসাহ প্ৰবল থকা অৱস্থাতে সেই কাৰ্য্য সমাধা কৰা, to finish a thing before the interest begins to wane.

ৰহ-ৰহী তিৰোতা— বিং, (‘ৰস’ শব্দ দিত্ব হৈ এই শব্দৰ উৎপত্তি হৈছে। ) ৰসাল আলাপ কৰা তিৰোতা, a woman who talks humorously, a mirthful woman.

ফলা-বাঁহৰ চেপা—বিং, [ ফাড়া বাঁহৰ চেপা] (হিন্দী-ফাড়া’ শব্দৰপৰা অসমীয়া “ফলা’ শব্দ ওলাইছে। ) ফলা বাঁহেৰে দিয়া চেপা অৰ্থাং উগ্ৰ-শাস্তি, excruciating torture.

ৰাইজ ঔ ৰজাৰ শৰণ—বিং, আতুৰত মানুহে এই বুলি চিঞৰি কয়:— ঔ ৰাইজ ঔ ৰজা, আপোনালোকৰ শৰণাগত হৈছোঁ, বিপদৰপৰা ৰক্ষা কৰক। এতেকে ৰাইজ আৰু ৰজাৰ দোহাই, adjuration by the people and the king.

ৰাইজৰ লগত নমৰিলেও চকুমুদা—ক্ৰি, সমাজৰ সকলো মানুহ যদি মৰে, তেনে- হলে কোনো এজন মানুহ যদি নমৰাকৈ থাকে, তেনেহলে সিও মৰা উচিত, তাকে কৰিব নোৱাৰিলে, অন্ততঃ চকুমুদি মৰাৰ দৰে থাকিব লগে, এই ভাব বুজোৱা হৈছে। এতেকে, —ৰাইজৰ মতৰ বিৰুদ্ধে