পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যুজৰ
যমকাল
২৩৯


য।

যুঁজৰ কুকুৰা যুঁজত মৰা—ক্ৰি, (যুঁজৰ কুকুৰা =যুঁজৰ নিমিত্তে অৰ্থাৎ যুঁজাৰু কুকুৰা। ) কুকুৰা-যুঁজত যেতিয়ালৈকে কুকুৰাটো মৰি নাযায়, তেতিয়ালৈকে সি যুঁজ নেৰে। এতেকে,—যুঁজাৰু মানুহে যুঁজ কৰি মৰা অৰ্থাৎ প্ৰাণহানিৰ আশঙ্কা থাকিলেও বীৰত্ব প্ৰকাশ কৰিবলৈ নেৰা, to act the part of a hero in a fight even to the point of death.

য'ত ৰাজ ত'ত কাজ—বিং , [ য’ত ৰাজ্য ত’ত কাৰ্য্য ] যি য’ত থকাৰ বাব, তাৰ কাৰ্য্য সেই ঠাইত অৰ্থাৎ সি সেই ঠাইত থাকি কাৰ্য্য চলাব লাগে, এই ভাব বুজায়। এতেকে,—স্বক্ষেত্ৰত সম্পাদিত কাৰ্য্য, work in one's own field of action.

যতে ৰাতি ততে কাতি—বিং, যি ঠাইতে ৰাতি হয়, সেই ঠাইতে কাতি হৈ শুই থাকে বোলা হৈছে। এতেকে,-- থকা ঠাইৰ অনিশ্চয়তা, uncertainty of residence.

য তৰা ভঙ্গা—ক্ৰি, ( যতৰা =যাত্ৰা। ] যাত্ৰা বুলিলে কোনো কাৰ্য্যৰ আৰম্ভ বুজায়। এতেকে,—বহনি কৰা, to make a begining.

যথা থিয় সদাশিৱ—বিং, সদাশিৱই তপ কৰোঁতে লৰচৰ নকৰাকৈ থিয় দি থাকে। এতেকে,— লৰচৰ নোহোৱা অৱস্থা নিশ্চেষ্ট, উদ্যোগহীনতা হীনতা, motionlessness, inactivity, laziness.

'যথা দৃষ্টং তথা লিখিতং’ কৰা—ক্ৰি, (সংস্কৃত বাক্য) পুথি নকল কৰোঁতে নজনা মানুহে কোনো ঠাইত আখৰ পঢ়িব নোৱাৰিলে আচলত যেনে আকাৰেৰে থাকে তাক ঠিক তেনে আকাৰেৰে তুলি থয়। এতেকে, নুবুজাকৈ নকল কৰা, to copy a writing without understanding it.

যৰে-স্থৰে—ক্ৰি-বিণ,—[ যো বা সো বা ] সংস্কৃত ‘যো বা সো বা ভবতু’ এই বাক্যে যি হওক সি হওক’ বুজায়। এতেকে, ভাল হওক বেয়া হওক নোচাৱাকৈ যেনে তেনে মতে, by any means, in a clumsy way.

যমকাল—বিং, যম আৰু কাল একাৰ্থবোধক। 'কাল’ শব্দে সময়ো বুজায় সেই