পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুখ
মুখতে
২৩২


লাগে। এই স্থলত হাত নেমেলাকৈ মুখ মেলি থাকে, এই ভাব বুজোৱা হৈছে। এতেকে,— নিজে কাম-বন নকৰা কৈ আনৰ ওপৰত নিৰ্ভৰ কৰি আশা পালি থকা, to expect gain without labour.

মুখ শুকাই টেমিৰ মুৰ যেন হোৱা—ক্ৰি, টেমিৰ মূৰ সৰু। বৰকৈ ভয় পালে মুখ শুকায় অৰ্থৎ নিৰস বুজায়। এতেকে,—বৰকৈ ভয় পাই সমূলি নিৰানন্দ ভাব ধাৰণ কৰা, to assume a sorry and miserable look on account of great fear.

মুখ হাত ধোৱা—ক্ৰি, মূত্ৰ ত্যাগ কৰিলে মুখ আরু হাত ধুব লাগে। এতেকে,— মুত্ৰ ত্যাগ কৰা, to discharge urine.

মুখত মৌ —বিং, মৌ মিঠা বস্তু। এতেকে,—মুখত মিঠা মাত, a sweet tongue.

মুখত সোপা দিয়া— ক্ৰি, মুখত সোপা দিলে মাতিব পৰা নাযায়। এতেকে,— নিমাত কৰ, উত্তৰ দিবলৈ বাট নাইকিয়া কৰা, to stop one's mouth, to leave no room for reply.

মুখত হৰি নাম, হাতত কৃত্য কাম —বিং, মুখত হৰি নাম থাকিব লাগে কিন্তু হাতত কৃত্য-কাম থাকিব লাগে অৰ্থাৎ মুখেৰে হৰি-কীৰ্ত্তন কৰিব লাগে কিন্তু হাতেৰে কৃত্য-কাম কৰিবলৈ এৰি দিব নালাগে। এতেকে,—একে লগে ঈশ্বৰ-চিন্তা আৰু কৰ্ত্তব্য-পালন, the observance of religion and the performance of duty at the same time.

মুখতে ঘিঁউ-মৌ সোপাকে দিয়া—ক্ৰি, ঘিঁউ-মৌ ভাল বস্তু। মুখতে অৰ্থাৎ মুখেৰে কথা কওঁতে ঘিঁউ-মৌ সোপাকে দিম বুলি কয়। পিচত প্ৰকৃততে দিব পাৰিব নে নোৱাৰিব সেই কথা ভাবি নাচায়। এতেকে,—বহু ভাল বস্তু দিবৰ নিমিত্তে নভবা-নিচিন্তাকৈ তৎক্ষণাৎ অঙ্গীকাৰ কৰা , to promise to give many good things without thinking for a moment whether one would be able to give them or not, to make smooth promises unthinkingly.

মুখতে বঁটা পোৱা; মুখতে কটা যোৱা— ক্ৰি, মুখেৰে ৰজাৰ গুণ-কীৰ্ত্তন কৰিলে