পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মিছা
মুখ
২৩০

দিনত গাৱঁলীয়া মানুহৰ সুখাদ্য আগৰ আছিল। এতেকে,— অত্যন্ত তৃপ্তিজনক আহাৰ, a sumptuous repast.

মিছা কথাই সিঁচা পানীয়ে সমান হোৱা--ক্ৰি, পানী সিঁচিলে মাছ ওলাই পৰি ধৰা পৰে। সেইৰূপে পানী সিঁচিলে অৰ্থাৎ মিছা কথাৰ ঢাকনী আঁতৰালে মিছা কথা ওলাই পৰি ধৰা পৰে। এতেকে,—মিছা কথা সহজ ধৰা পৰা, the detecting of a lie without much diffculty.

মিছা কথাৰ ঠেং চুটি হোৱা—ক্ৰি, যি মানুহৰ এটা ঠেং চুটি অৰ্থাৎ যি মানুহ লেঙ্গেৰা, সি বহুদূৰ খোজ কাঢ়ি যাব নোৱাৰে। মিছা কথাক তেনে মানুহেৰে তুলনা কৰা হৈছে। এতেকে,—মিছা কথা বেছি দূৰ যাৰ নোৱৰা। অৰ্থাৎ অলপতে ধৰা পৰা, the detecting of a lie without very much delay.

মিছাত ফুৰা—ক্ৰি, মিছাৰ ওপৰত ফুৰে মাটিৰ ওপৰত নুফুৰি মিছাৰ ওপৰত ফুৰে বোলা হৈছে। এতেকে,—সদাই মিছা, কথা, কৈ ফুৰা, to speak lies habitually.

মিছাৰ ভঁৰাল—বিং, ভঁড়ালত বস্তু পূৰ্ণ থাকে। এই স্থলত বস্তুৰ সলনি ’মিছা’ পূৰ্ণ থাকে বোলা হৈছে। এতেকে,—মিছা কথাৰ পূৰ্ণ-পাত্ৰ অৰ্থাৎ বহু-মিছলীয়া মানুহ, a liar of the first water.

মিছাৰ বাহ—বিং, বাহত বস্তু থাকে। এই স্থলত বস্তুৰ সলনি ‘মিছা’ থাকে বোলা হৈছে। এতেকে,—মিছা কথাৰ বাসস্থান অৰ্থাৎ ঘাই মিছলীয়া মানুহ, a principal liar.

মুকুতা নহৈ সোকোতা হোৱা—ক্ৰি, মুকুতা মূল্যবান বস্তু, কিন্তু সোকোতা পাতৰ একো মূল্য নাই। এই দুই শব্দৰ উচ্চাৰণৰ সাদৃশ্য আছে, কিন্তু মূল্যৰ সম্পৰ্কে একো মিল নাই। এতেকে,—বহুমুলীয়া বস্তু নহৈ একো মূল্য নাইকিয়া বস্তু হোৱা, to turn out to be a trifle instead of a precious thing.

মুখ ওলোমোৱা—ক্ৰি, মানুহৰ অসন্তোষ হলে মুখ গধুৰ হয় অৰ্থাৎ মুখৰ আনন্দৰ চিন নাথাকে। গধুৰ হলে বস্তু তলৰ ফাললৈ ওলমি যায়। এতেকে,—অসন্তোষৰ ভাব ধাৰণ কৰা , to assume a sorrowful attitude.