পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বেলিয়ে
বৈতৰণী
২০৮


যুক্ত সময়, proper time

বেলিয়ে আঁটে মানে কাঁচিয়ে কাটে মানে—ক্ৰি-বিণ, যেতিয়ালৈকে বেলি মাৰ নাযায় আৰু যেতিয়ালৈকে কাঁচিৰ চোক নাইকিয়া নহয়, তেতিয়ালৈকে দাৱনীয়ে পথাৰত ধান দাই থাকে। এতেকে,—সাধ্যমতে, with utmost power.

বেশ্যা তিৰীৰ একাদশী —বিং, একাদশী তিথতি উপবাস কৰিলে পুণ্য হয়। কিন্তু যি তিৰোতাই বেশ্যাবৃত্তি কৰে তাইৰ উপবাস নিষ্ফল। পাপবৃত্তি মানুৰ পক্ষে শাস্ত্ৰ বিহিত নিয়ম-পালন নিষ্ফল, এই ভাব বুজোৱ হৈছে। এতেকে,—স্বভাৱতে নিষ্ফল কাৰ্য, anything which is naturally fruitless.

বৈকুণ্ঠতো ফাঁপৰে খোৱা থকা—ক্ৰি, ‘ফাঁপৰে খোৱা' এবিধ ছালৰ ৰোগ। এই ৰোগত মাখি-ছাল ছিগি মানুহটো ফঁপৰীয়া হৈ দেখিবলৈ কুৎসিৎ হয়। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নাথাকিলে এই ৰোগৰ উৎপত্তি হয়। বৈকুণ্ঠত স্বয়ং পৰমেশ্বৰ থাকে। তাত অনাচাৰী থাকিব নোৱাৰে। এই স্থলত কোৱা হৈছে, যে বৈকুণ্ঠতো ফাঁপৰে খোৱা আছে। এতেকে,—পবিত্ৰ স্থানতো অপবিত্ৰ মানুহ থকা, to reside in a holy place although a wicked man.

বৈকুণ্ঠৰ বোন্দা—বিং, বোন্দাই মানুহৰ মাছ চুৰ কৰে। যি মানুহে অন্যায় আচৰণ কৰে, তাক বোন্দাৰে তুলনা কৰা হৈছে। বৈকুণ্ঠৰ নিচিনা পবিত্ৰ ঠাইতো যি অন্যায় আচৰণ কৰে, সি অৱশ্যে দুৰ্ঘোৰ অপৰাধী। এতেকে,--দুৰ্ঘোৰ অপৰাধী, a hopelessly fallen person, a sinful person who is irretrievally lost.

বৈচৰ গৰু— বিং, [ বৈ চহৰ গৰু] হাল বৈ চহ কৰা গৰু, যাৰ দ্বাৰা খেতি কৰা হৈছে তেনে গৰু। তাৰপৰা,—সংসাৰ-ক্লিষ্ট মানুহ, বিষয়- জৰ্জ্জৰিত মানুহ, a mature bullock used in the plough; hence, a worldling, a toiler.

বৈতৰণী পাৰ হোৱা —ক্ৰি, পৰলোকলৈ যাওঁতে বৈতৰণী নৈ পাৰ হৈ যাব লাগে। এই নৈৰ সোঁত অতি কোবাল বাবে ইয়াত পাৰ হোৱা কঠিন কাৰ্য্য। এতেকে,—কোনো টান কাৰ্য্য সিদ্ধি কৰা, to accomplish a difficult undertaking.