পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফিৰিঙ্গতিৰপৰা
ফুটা
১৮২


কৰোঁতেই কাৰ্য্যৰ অৱশ্যকতাত নাইকিয়া হোৱা অৰ্থাৎ অতিকৈ পলম কৰা, to do a thing too late, to be out oi season.

ফিৰিঙ্গতিৰপৰা খাণ্ডৱ দাহ হোৱা— ক্ৰি, পূৰ্ব্ব-কালত খাণ্ডৱ নামেৰে এখন ডাঙ্গৰ অৰণ্য আছিল। অৰ্জ্জুনে অগ্নি দেবতাৰ তৃপ্তিৰ নিমিত্তে পশু-পক্ষীপূৰ্ণ খাণ্ডৱ-বন দাহ কৰিছিল। এই স্থলত কোৱা হৈছে যে ফিৰিঙ্গতিৰ পৰা মহা অৰণ্যও পুৰি নষ্ট হয়। এতেকে,— সামান্য ঘটনাৰপৰা মহৎ অনিষ্ট হোৱা, the happening of the greatest disaster from the slightest cause.

ফুকনৰ টেকেলা—বিং, টেকেলাবিলাকৰ মুখ চোকা। ফুকনৰ টেকেলা হলে তাৰ মুখ আৰু চোকা হয়। এতেকে,- বৰ চোকা-মুখীয়া মানুহ, a sharp-tongued person.

ফুট চিনা—ক্ৰি, কুঁহিয়াৰৰ ৰহি তপত কৰোঁতে ফুট উঠে। যিমান তপত হৈ , যায়, সিমান ফুটৰ আকৃতি আৰু ৰং বেলেগ হৈ যায়। ফুট কেনেকুৱা হলে ৰহি ঘোলনীত ঢালিবৰ উপযুক্ত হয়, তাক চিনিব লাগে। মানুহৰো স্বভাৱে নানা প্ৰকাৰ আকৃতি আৰু বৰণ ধৰে। তাৰ কেনেকুৱা ফুট অৰ্থাৎ কেনেকুৱা স্বভাৱ হলে কোন কাৰ্য্যৰ নিমিত্তে সি উপযুক্ত হব, সেই কথা চিনিব লাগে। এতেকে,—মানুহৰ স্বভাৱৰ গঢ়-গতি চিনা, to find out a person's special trait of character.

ফুটা কড়ি—-বিং, কড়িৰ মূল্য যৎসামান্য। তাতে যদি সি ফুটে, তেনেহলে তাৰ মূল্য নাই বুলিলেও হয়। এতেকে,--নামমাত্ৰ মূল্যৰ বস্তু, সমুলি অকামিলা বস্তু, a trifle, a useless thing.

ফুটা কলহত পানী ভৰোৱা—-ক্ৰি, ফুটা কলহত পানী ভৰালে পানী নাথাকে। সেইৰূপে, যি মানুহৰ কপাল ফুট অৰ্থাৎ যি ভাগ্য-দোষত দৰিদ্ৰ, তাক লোকে ধন-বিত দিলে সি নাইকিয়া হৈ যায়। এতেকে,--ভাগ্য- দোষত দৰিদ্ৰ মানুহক পৰে সাহায্য কৰি দাৰিদ্ৰ গুচাব নোৱৰা, to fail to make comfortable a person who is destined to be poor.

ফুটা চকুত কুটা পৰা—ক্ৰি, যিটো চকু ফুটা, তাতে কুটা পৰি সেই চকু অধিককৈ ফুটাইছে বোলা হৈছে। এতেকে,--এটা বিপদ থাকোঁতে আন এটা