পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পোটক
পোহাৰী
১৭৮


নেৰা-নেপেৰাকৈ দিয়া সৰু বৰষুণ, incessant rain.

পোটক তোল—ক্ৰি, [ প্ৰতিকাৰ তোলা। ] কোনো কাৰ্য্য কৰিলে তাৰ প্ৰতিকাৰ্য্য কৰা অৰ্থাৎ প্ৰতিফল দিয়া। ( 'পেট’ শব্দেৰে এই বাক্যৰ সম্পৰ্ক নাই। ) to take revenge.

পোতনি ঠেকেচা দিয়া—ক্ৰি, পোৰা মাছ আৰু পঁইতা ভাত উপাদেয় আহাৰ। মেকুৰীয়ে পোৰা মাছ বৰ ভাল পায়। সি পোৰা মাছ চুৰ কৰিবলৈ আহোঁতে ধৰা পৰিলে পঁইতা, ভাতৰ পোতনিতে তাৰ মুখ ঠেকেচি দিয়া হয়। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.

পোতা পুখুৰিৰ ৰজা--বিং, প্ৰবাদ মতে পুখুৰিত বাক থাকে। সেই ঠাইত বাকেই ৰজা। কোনো মানুহে পোতা পুখুৰিত গৈ যদি ভৰি দিয়ে গৈ, তেনেহলে বাকে তাৰ ভৰি দুটা ওপৰলৈ কৰি মূৰটো বোকাত পুতি পেলায়। এতেকে,—আপোনাৰ ঠাইত আপুনি ডাঙ্গৰ, a lord in one's own place.

পোতা মোচৰা দিয়া—ক্ৰি, প্ৰবাদ আছে যে ভূতে মানুহক ফুচুলাই দূৰৈলৈ নি বোকাত পুতি মুচৰি মাৰে। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.

পোৰা পেটী মাক—-বিং, লৰা উপজিলে মাকে জালুক খায়। তেনে কৰিলে পেট শুকায়, কিন্তু ৰম-ৰমকৈ পোৰে। আন হাতে, লৰাৰ অপায়-অমঙ্গল হলে মাকৰ পেট ৰম-ৰমকৈ পোৰাৰ নিচিনা অনুভৱ হয়। এতেকে,—যি মাকে লৰাৰ জন্মৰ পূৰ্ব্বত গৰ্ভধাৰণৰ কষ্ট সহ্য কৰে আৰু জন্মৰ পাচত লৰাৰ দুখত নিজে দুঃখানুভৱ কৰে সেই মাক, doting mother.

পোৱালি-লগা বাঘিনী—বিং, বাঘিনীয়ে অতি সাৱধানে পোৱালিক ৰক্ষা কৰি ফুৰে। পোৱালি হেৰোৱাৰ ধনিষ্ঠামানো আশঙ্কা হলেই বাঘিনীয়ে খঙ্গত উগ্ৰমূৰ্ত্তি ধৰে। এতেকে,—পুত্ৰপ্ৰাণা খঙ্গাল তিৰোতা, a mother made furious at the prospect of a possibility of danger to her child.

পোহনীয়া নৰিয়া—বিং, পোহনীয়া জীৱ-জন্তুৰ দৰে সদাই থকা নৰিয়া, চিৰস্থায়ী নৰিয়া, a permanent disease.

পোহাৰী চুপতি—বিং, পোহাৰীয়ে বস্তু কিনিবলৈ যোৱা মানুহেৰে সৈতে মিছা-