পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰ্ব্বতত
পলুৱে
১৬৭

character.

পাতত কাছ-কণী বিচৰা–ক্ৰি, পৰ্ব্বতত কাছ কণী নাথাকে নৈৰ বালিত হে তাক পোৱা যায়। এতেকে,— যি বস্তু পোৱা নাযায় সেই বস্তু তাত বিচৰা, to book for a thing in a place where it can never exist.

পৰ্ব্বতে-পাষণ্ডে—ক্ৰি-বিণ, [ পৰ্ব্বতে পাষাণে ] হাবিয়ে বননিয়ে, যত ততে, in hills and dales, anywhere and everywhere.

পৰাই-নোৱৰাই—ক্ৰি-বিণ, আধা পাৰে আধা নোৱাৰে এনে ভাৱে, অসম্পূৰ্ণ দক্ষতাৰে, with imperfect efficiency.

পৰালি পৰা—ক্ৰি, ( পৰাল পৰা] ধান এবেলি বনা শেষ হলে এপৰাল পৰা বোলে। এতেকে,—শেষ ছোৱা অৰ্থাৎ সৰ্ব্বনাশ হোৱা, to be done for.

পৰি মৰা—বিণ, পৰি তেতিয়াই মৰে অৰ্থাৎ যেই মুহুৰ্ত্ততে পৰে সেই মুহূৰ্ত্ততে মৰে, এই ভাব বুজোৱা গৈছে। এতেকে,—অলপ-ধতুৱা, frail, infirm, waiting in stamina.

পৰুৱাই পোৱা—ক্ৰি, পৰুৱা এবিধ অপ-দেবী। পৰুৱাই পালে বাটৰুৱা মানুহে বাট হেৰুৱায়। এতেকে,—বাট হেৰুওৱা, কোনো বিষয়ত উৱাদিহ ধৰিব নোৱৰা, to lose one’s way; to be confused, confounded, bewildered.

পলাই পত্ৰং দিয়া —ক্ৰি, পলাই পতঙ্গ দিয়া ] পলাই পতঙ্গ অৰ্থাৎ ফড়িঙ্গৰ দৰে উড়ি যোৱা, পলাই সৰা, to scamper off.

পলাই ফাঁট মৰা—ক্ৰি, ( ফাঁট মৰা=ফাঁটত লুকুৱা ) পূৰ্ব্ব-কালত সীতাদেবীয়ে পৃথিৱীৰ ফাঁটত লুকাইছিল। সেই কথাৰ পৰা এই বাক্যৰ সৃষ্টি হৈছে। এতেকে,— যাতে সহজে বিচাৰি পোৱা নাযায় এনেভাবে লুকুৱা, to decamp, to scamper off.

“পলায় বাসৱ, পাচু নচায়” অৱস্থা পোৱা—ক্ৰি, ( বাসৱ=ইন্দ্ৰ। ) অসুৰৰ যুদ্ধত ইন্দ্ৰ ঘাটি পলাই ইমান বেগেৰে লৰিছিল, যে পিচলৈ উভতি চাবলৈ তেওঁ সময় পোৱা নাছিল। এতেকে,—ভয়ত বিহ্বল হোৱা, to flee for life, to be beside oneself in fear.

পলুৱে মুখেৰে সূতা কাটি মৰা—ক্ৰি, পলুৱে সূতা কাটি মহৰা বান্ধি তাৰ ভিতৰত