পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তুৰি-মুৰি
তেল
১৩৩

person, a clever person.

তুৰি-মুৰি কৰা—ক্ৰি, [ টেৰি মেৰি কৰা ] ( টেৰি =টেৰা, বেঁকা। 'মেৰি’ অনুৰূপ পদ। ) পোন বাটে নগৈ বেঁকা বাটে যোৱা, যিমতে কোনো কাৰ্য্য কৰিবলৈ কোৱা হয়, সেইমতে নকৰা, আদেশৰ লৰচৰ কৰি কাৰ্য্য কৰা, to act countrariwise, to act perversely.

তুলসীৰ লগত কলপটুৱা মুক্ত হোৱা—ক্ৰি, কলপটুৱাৰ খোল সাজি তাত তুলসী- পাত থৈ পূজাৰিয়ে পূজা কৰে। এনে কৰাত তুললী যে মুক্ত হয়েই তাৰ লগতে কলপটুৱাও মুক্ত হয় বুলি কোৱা হৈছে। এতেকে,— নিজে অযোগ্য হৈও যোগ্যৰ সঙ্গত পৰি উপকাৰ পোৱা, to be benifited, though undeserving, along with a good man by reason of companionship.

তুলি ধৰা—ক্ৰি, কোনো মানুহক ওপৰলৈ তুলি ধৰিলে সকলোৰে দৃষ্টি তেওঁৰ ওপৰত পৰে। সেইৰূপে ভাল সাজ-কাপোৰ বা অলঙ্কাৰ-পাতিয়েও মানুহক তুলি ধৰে অৰ্থাৎ পৰৰ দৃষ্টি আকৰ্ষণ কৰে। এতেকে,— সুশোভিত কৰা, to make prominent to the eye, to cause to appear beautiful.

তেজ পিয়া—ক্ৰি, বাঘে গৰু-মহ বধি তেজ পিয়ে। এতেকে,— বধ কৰা, গুরুতৰ দণ্ড দিয়া, to kill, to punish severely.

তেজক পানী কৰা—ক্ৰি, অতিৰিক্ত শ্ৰম কৰিলে তেজ পনীয়া হয় অৰ্থাৎ তেজৰ বল কমে। এতেকে,—-কঠিন পৰিশ্ৰম কৰা, to labour too hard.

তেজে ফুটি যাওঁ ফাটি যাওঁ কৰা—ক্ৰি, মানুহটোৰ নাড়ীত তেজৰ প্ৰবাহ ইমান বেচি বোলা হৈছে যে থাকিবলৈ ঠাই নোপোৱাত নাড়ী ফুটি= ফাটি তেজ ওলাই পৰিবৰ উপক্ৰম হৈছে। এতেকে,—গাত বৰকৈ তেজ হোৱা, to have a blooming appearance.

তেল-টেঙ্গা ঘঁহা— ক্ৰি, গাৱঁলীয়া মানুহে তেল আৰু টেঙ্গা ঘঁহি গা পৰিষ্কাৰ কৰে। এতেকে,— গা আওঁতোৱা, to be neat and in good order.

তেল নাইকিয়াত ফপৰীয়া হোৱা— ক্ৰি, অৱস্থাহীন হলে মানুহ জুৰুলা হয়। অৱস্থা- হীন হোৱা কথা স্বীকাৰ নকৰি কোৱা হৈছে যে তেল নঘঁহাৰ নিমিত্তে হে চুলি ফলৰীয় হৈছে, আন কাৰণে নহয়। এতেকে,—অৱস্থা