পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টোপনিয়ে
ঠাই
১১৯

টোপনিয়ে জোকোৱা—-ক্ৰি, প্ৰণয়ী মানুহে যেনেকৈ শুবলৈ জোকায়, টোপনিয়েও তেনেকৈ শুবলৈ জোকায় বোলা হৈছে। এতেকে,—টোপনি আহিব খোজা, to be inclined to sleep, to the heavy with sleepigness.

টোপা-কাঁড়টো যোৱা—ক্ৰি, টোপ কাঁড় অতি বেগেৰে যায়। এতেকে,—অতি বেগেৰে যোৱা, to travel with almost celemty.

টোপা খহু—বিং, টোপা খহু দেখিলে ঘিণ লাগে। এতেকে,—ঘৃণনীয় মানুহ, a disgusting person.

⸺⸺

ঠ।


ঠোঁট-কটা কাউৰী—-বিং কাউৰীয়ে ঠোঁট এছাৰি ৰমলিয়াই ফুৰে। তাৰ ঠোঁটৰ আগটো যদি কাটি দিয়া যায়, তেনেহলে সি অতিৰিক্তভাৱে ঠোঁট এছাৰি ৰমলিয়াবলৈ ধৰে। অতিৰিক্তভাৱে যিহকে তিহকে কথা কৈ ফুৰা মানুহক এনেকুৱা কাউৰীৰে সৈতে তুলনা কৰা হৈছে। এতেকে,-- অনৰ্থক বলকি ফুৰা নিলাজ মানুহ, a shameless person with an unrestrained tongue.

ঠোঁট মুখ চেলেকা-ক্ৰি, লুভীয়া বস্তু আগত দেখিলে খাবৰ নিমিত্তে হেঁপাহ হৈ মানুহে ঠোঁট অৰ্থাৎ ওঁঠ আৰু মুখ চেলেকে। এতেকে,—-ইচ্ছা থকা স্বত্বেও কোনো বস্তু নেপোৱা to be disappointed for not obtaining a thing which is very much desired.

ঠন ধৰা—ক্ৰি, [ ঠানি ধৰা ] ঠানি ওলালে গছৰ শ্ৰী বাঢ়ে। মানুহক গছেৰে তুলনা কৰা হৈছে। এতেকে,—ধন-সম্পত্তি বঢ়া, to be well off to be thriving or prosperous.

ঠাই দি টপটপনি শুনা—ক্ৰি, যদি কোনো মানুহক থাকিবলৈ ঘৰত ঠাই দিয়া