পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জোৰ
জোলে
১১২

নলগা। তাৰপৰা অসুবিধা জঞ্জাল বা লেঠা লগা। ) to be well proportioned, symmetrical, harmonious concordant. (0ften used ironically, when it bears the opposite meaning, to be ill-proportioned unsymmetrical, unharmonious, discordant Thence, to be put to in convenience).

জোৰ পুড়ি বৰলাৰ হাত পোৱা—ক্ৰি, জোৰ লাহে লাহে পুড়ি চুটি হৈ যায়। জুই হাত পাবলৈ অলপ থাকোঁতেই ঘৈণীয়েকে গৈ আন এতাঁৰ জোৰ দিয়ে গৈ। কিন্তু বৰলাৰ ঘৈণীয়েক নোহোৱাত তাক আন এতাঁৰ জোৰ দিওঁতা মানুহ নোলায়। কাজে-কাজেই জোৰ পুড়ি গৈ জুইয়ে বৰলাৰ হাত পুড়িবৰ উপক্ৰম কৰে বোলা হৈছে। বৰলাৰ ভাল গৃহস্থালি হব নোৱাৰে। ’বৰলা’ শব্দে নিঃসহায়তাৰ ভাব বুজাইছে। এতেকে,—কোনো এটা বিষয়ত সহায়-সাৰথিহীন মানুহৰ অৱস্থা শোচনীয় হোৱা, the going down of the affairs of a person without help to the extreme limit.

জোৰৰ আগত বাতি—বিং, (বাতি=চাকি। ) জোৰৰ পোহৰ ডাঙ্গৰ। তাৰ আগত চাকিৰ পোহৰ নিজিলিকে। এতেকে,—বৰলোকৰ আগত ক্ষমতা বুজাব নোৱৰা সাধাৰণ মানুহ, an insignificant fellow in the presence of an illustrious personage.

জোৰা দি কোৱা—ক্ৰি, [ মিছা জোৰ দি কোৱা। ] বঢ়াই কোৱা, to exaggerate.

জোৰাই দিয়া—ক্ৰি, মুখেৰে জোৰা পাতি দিয়া অৰ্থাৎ মতা হলে মাইকীয়ে আৰু মাইকী হলে মতাৰে জোৰা লগাই কথা কোৱা, to speak of person as pairing with another of the opposite sex.

জোল ওলোৱা—ক্ৰি, কোনো বস্তু চেপিলে জোল ওলায়। এতেকে,—হেঁচা- টেপাত কষ্ট পোৱা, ডাঙ্গৰ অসুবিধা পোৱা, to be put to much inconvenience.

জোলে জোৰা—ক্ৰি, [‘জোল ওলোৱা চোৱাঁ] ইমান সৰহকৈ জোল ওলায় যে সেইখিনিয়েই জোৰে। (ব্যঙ্গাৰ্থত ব্যৱহৃত হৈছে। ) এতেকে,— বহুকষ্ট পোৱা, to be distressed.