পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ছাল-বাকলি
ছোৱা-ছোৱে
১০৩

destitute.

ছাল-বাকলি নাইকিয়া—বিণ, গছৰ ছাল-বাকলি নাথাকিলে লথা হয়। এতেকে,—লথা, সৰ্ব্বশূন্য, মহা-দৰিদ্ৰ, poverty-stricken.

ছুই নিকিলোৱা—অধিককৈ গালি-শপনি পাৰি কিলোৱাৰ নিচিনা কৰে, কিন্তু হাতেৰে ছুই নিকিলায়, অৰ্থাৎ ছুই কিলাবলৈ মাথোন বাকি থয় এই ভাব বুজোৱা হৈছে। এতেকে,—অতিপাত গালি-শপনি পৰা, to abuse violently.

ছুব নোৱৰা—ক্ৰি, [ ‘নোৱৰা হোৱা’ চোৱাঁ]।

ছুবলৈ পালে খাবলৈ পোৱা—ক্ৰি, কোনো বস্তু ছুই-মেলি চলাবলৈ পালে আৰু খাবলৈ চল উলিয়াব পৰা যায়। এতেকে,—কোনো অধিকাৰৰ একাংশ লাভ কৰিলে সৰ্ব্বাংশ লাভ কৰিবৰ নিমিত্তে সুবিধা উলিয়াব পৰা, to be able to secure the full right if once able to secure just a fraction of it.

ছুৱা-পাত চেলেকা—বিণ, ভাত খোৱাৰ পাচত ছুৱা-পাত পেলাই দিলে কুকুৰ আহি তাক চেলেকে। এতেকে,—কুকুৰৰ দৰে নীচ ও পৰপ্ৰত্যাশী, slavishly dependent.

ছেলোমন—বি, [ছেলোৱা-মন ] নিশকতীয়া মনৰ মানুহ, an imbecile,

ছেলোৱা কপৌ—বিং, খোৱা-চৰাই অৰ্থাৎ কপৌ, পাৰ, হাইঠা, পৰঘুমা ইত্যাদিৰ ভিতৰত কপৌটোৱেই সৰু। তাতে যদি তাৰ ছালখন ছেলাই পেলোৱা হয়, তেনেহলে তাক নিচেই সৰু দেখি। এতেকে,— নিচেই সৰু মানুহ, অতি ক্ষীণ মানুহ, a weakling, an imbecile.

ছোৱা-ছোৱে কাটিলেও এটোপা গাৰ তেজ নোলোৱা-বিণ, ইমান নীৰস যে ছোৱা-ছোৱে কাটিলেও গাৰ এটোপা তেজ নোলায় অৰ্থাৎ সমূলি ৰস-পম নাইকিয়া, এই ভাব বুজোৱা হৈছে। এতেকে,—আও- টোকোনা, utterly destitute.