পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চালে
চিকুণ
৯৪

আমনি কৰা, to molest.

চালে চকু ৰোৱা—বিণ, চাই পঠিয়ালে চকু তাতে ৰৈ থাকে, তাৰপৰা আন ফাললৈ চকু ঘূৰাব নোৱাৰি। এতেকে,—অতি শুৱনী, fascina- ting.

চালে পানী কটা—ক্ৰি, [ চালে দি পানী কটা ] কোনো বস্তু অস্ত্ৰৰ দ্বাৰা কাটিলে সেই বস্তুৰ মাজে দি অস্ত্ৰ সৰকি যায়। এই স্থলত, পানী ঘৰৰ চালৰ মাজে দি সৰকি যায় বোলা হৈছে। এতেকে,—অতিৰিক্ত বান-পানী উঠা, the rising of flood to a very high level.

চালে বাৰে কোবোৱা—ক্ৰি, যতে ততে কোবোৱা অৰ্থাৎ বিবুদ্ধি হৈ অশৃঙ্খলভাৱে কাৰ্য্য কৰা, to beat about the bush.

চিকা ফুৰা—ক্ৰি, চিকাই কিবাকিবি খোৱা বস্তু চুৰ কৰি নিয়ে। চোৰেও চুৰ কৰে। চিকাৰ দৰে চোৰও দুৰ্গন্ধময় অৰ্থাৎ ঘৃণনীয়। এতেকে,—চুৰ কৰা, to steal.

চিকা মাৰি হাত গোন্ধোৱা—ক্ৰি, চিকা নগণ্য জীৱ। তাক বধিলে পুৰুষালি প্ৰকাশ নাপায়। বৰং সেই কাৰ্য্যৰ দ্বাৰা হাত দুৰ্গন্ধময় হয়। এতেকে,—নগণ্য লোকৰ অপকাৰ কৰি দুৰ্যশ অনা, to cast stain on a fair name by injuring a helpless person.

চিকা-পোৱালি—বিং, চিকা-পোৱালিৰ নিচিনা অৰ্থাৎ কেটেঙ্গা নিচলা মানুহ, an infirm or feeble person.

চিকুটি লাও বুঢ়া কৰা—ক্ৰি, জালি লাওহে খাবৰ যোগ্য। চিকুটিলে লাও শীঘ্ৰে বুঢ়া অৰ্থাৎ পূৰঠ হয়। জালি নে বুঢ়া চাবলৈ হলে চিকুটিলে গম পোৱা যায়। এতেকে,—সামান্য অহিতাচৰণৰ দ্বাৰা শত্ৰুক সজাগ কৰা, to put an enemy on his guard by pin-pricking him.

চিকুটি শিলক ক্ষয় নিয়াব নোৱৰা—ত্ৰুি, নখেৰে চিকুটিলে শিলে ক্ষয় নাপায়। বৰলোকক শিলেৰে তুলনা কৰা কৈছে। এতেকে,—দুৰ্ব্বল মানুহে বৰলোকৰ অপকাৰ কৰিবৰ নিমিত্তে অপাৰগ হোৱা, to be unable to harm a formidable opponent (said of a powerless individual ).

চিকুণ চাম—বিং, [ চিকুণ শ্যাম ] শ্ৰীকৃষ্ণৰ এটা নাম শ্যাম। তেওঁ দেখিবলৈ