পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহি এই আগষ্ট মাহৰ শেষৰ ফালৰ পৰা ৰিহাৰ্ছেল কৰাৰ কথা আছিল। এই নাটকৰো কেইটামান সংলাপ তলত আঁচ পাৰি দিয়াৰ উপৰিও ঘেৰি দিছে ৰঙা বলপেনেৰে।

ভাস্কৰ: …“জীৱনত পদে পদে এই ধৰণৰ পুৰুষক নাৰীয়ে মহৎ আৰু অসাধাৰণ হোৱাৰ পৰা বিচলিত কৰিছে। সেই কাৰণে মই প্ৰত্যেকজন দুৰাকাংক্ষী পণ্ডিত বা শিল্পীক বিপথে নি ধ্বংস কৰিবৰ কাৰণে তেওঁৰ ঠিক পিচতে এটি নাৰীৰূপী মেফিষ্টফিলিছ চয়তানৰ আবিৰ্ভাৱ দেখোঁ।”

গ্যেটেৰ ‘ফাউষ্ট’খনত আছে বিদগ্ধ পণ্ডিত ফাউষ্টক ধ্বংসৰ পথলৈ লৈ যাবলৈ ‘ডেভিল’ বা চয়তানে মেফিষ্টফিলিছৰ ছদ্মবেশত আহি প্ৰতাৰণা কৰে। সাধাৰণ মানুহৰ জীৱনতো এনে মেফিষ্টফিলিছৰ অভাৱ নহয়। বাপুদাক মই কৈছিলোঁ— চয়তানক চয়তানৰূপে জনাৰ পিচত প্ৰকৃত পুৰুষে ডেভিলৰ ওচৰত আত্মসমৰ্পণ কৰিব নালাগে। মই ভাবিছিলোঁ মঞ্চৰ মানুহজনক মঞ্চৰ মাজেৰে জীয়াই থাকিবলৈ দিব লাগে।

 

৪৮