পৃষ্ঠা:ৰেণু.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

গুছি যোৱা তুমি,  নোখোজোঁ তোমাৰ
 ই কপট ভাল পোৱা;
নাহিবা দুনাই  মিছাতে হে শ্যাম,
 যোৱা তুমি গুচি যোৱা।

পাণী নিবলই  আহিছো, নহয়
 বাঁহীৰৱ শ্যাম, শুনি,
যি কৰিব লাগে  হে নিষ্ঠুৰ, ঠিক
 কৰিছো মনতে গুনি।


জানোঁ ভালকই হে নিষ্ঠুৰ শ্যাম,
 শিলেৰে হিয়া বান্ধিছা;
কোনেনো মাতিছে তোমাক? মিছাতে
 কিয় আহি দেখা দিছা?

⸺০⸺

৩৩