পৃষ্ঠা:ৰেণু.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

মৃণাল ভূঞ্জিব এৰি ৰাজহাঁহ জাক
 দিহা-দিহি গল এৰি বিল;
ফিৰিলে ঘাটৰ পৰা বোৱাৰী জীয়ৰী,
 সন্ধিয়াৰ চাকিটি জ্বলিল।

 

হাটৰুৱা বাটৰুৱা চাপিলেহি ঘৰ,
 সোৱালীৰ বলিল সুবাস;
পূব আকাশৰ পৰা কলা ঢাকনীয়ে
 দেখুৱালে নিশাৰ আভাস।

 

লুইতৰ পাৰে পাৰে নাৱৰীয়াবোৰে
 ধীৰে ধীৰে বান্ধিলেহি নাও;
গাৱঁৰ দৌলৰ পৰা দবা শাঙ্খধ্বনি
 বিয়পিলে সন্ধিয়াৰ বাও।

১৪