সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

লুকাই লুকাই তুমি  কিয় চোৱা জুমি জুমি
 গুপুত আবৃত্তি মোৰ মানৱ-লীলাৰ,
যোৱা গুচি দূৰল’ই  আশাত নিৰাশা হ’ই
 নাই কোনো প্ৰয়োজন, নাই অধিকাৰ!

যদিহে শুনিলা আহি  বিষাদ-সুৰৰ বাঁহী
 যদিহে দেখিলা মোক চকুলোৰে ভৰা,
আছিলা যদিও চাই  তাত মোৰ ক্ষতি নাই
 সেই বুলি তুমি মোক বুজিব নোৱাৰা।

( দুই )
যিদিনাই জন্ম ললো  মৰ্ত্ত্যৰ মানৱ হলো
 সিদিনাই প্ৰাণে মোৰ কান্দিলে বিনাই,
সিদিনাই নিয়তিয়ে  মূৰ্ত্তিমতী যখিনীয়ে
 চকুত তপত বালি দিলে ছটিয়াই।

সিদিনাৰে পৰা অন্ধ  সংসাৰী মায়াত বন্ধ
 সিদিনাৰে পৰা মই অকলশৰীয়া,
নিজেই নিজকে ধৰি  নিজকে নিজৰ কৰি
 ঘূৰি ফুৰো দিনে-ৰাতি, নাই লগৰীয়া।

সিদিনাই শেষ হ’ল  উটি উটি গুচি গ’ল
 স্বাধীন তৰণী মোৰ ভৱ-সাগৰত,
মাৰ গ’ল ৰবি-শশী  শোকৰ ৰচনা ৰচি
 দুখৰ ধুমুহা দেখি বিশ্বৰ আঁৰত।

[ ৫৮ ]