পৃষ্ঠা:ৰূপালীম.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
[চতুৰ্থ অঙ্ক
ৰূপালীম্‌

জনম। ফুলৰ জীৱন মৌ উজাৰি পখিলাক দিয়েই ফুলৰ জীৱন সমাপন। মৌ নেপালে মৰহি যোৱা—মৌ-হাবিয়াসী, মৌৰে জীৱন ৰোৱা পখিলাটি তুমি কোন সতে আঁতৰাব খুজিছা? ৰূপালীম্‌। তুমি ফুল হৈ জনমি ফুলৰ জীৱন সামৰি থব খুজিছা। ফুলৰ জীৱনৰ নিৰ্বন্ধ উলঙ্ঘা কৰিছা। ৰূপালীম্‌! জীৱলগা ভাষালগা হাঁহিসনা ফুল তুমি—আঁতৰি নেযাবা। ৰূপালীম্‌! তোমাৰ ফুলকলি হেন কোমল বুকুখনি মোলৈ শিল-কঠুৱা নকৰিবা।

  ৰূপালীম্‌ নিমাতীৰ দৰে নিমাত হৈ বেৰত আউজি থাকিল। মুখত মাথোন উদ্বিগ্নতা। ৰূপালীম্‌ মাটিৰ গোসাঁনীৰ দৰে ৰৈ থাকিল আৰু মণিমুগ্ধই মাটিৰ গোসাঁনীক বোধন কৰি জীৱন্ত কৰিবলৈ পূজাৰীয়ে প্ৰয়াস কৰাৰ দৰে মন্ত্ৰ মতাদি ৰূপালীমক কথা কবলৈ ধৰিলে।

মণিমুগ্ধ। ৰূপালীম্‌! নেমাতা? নেহাঁহা? তুমি মোৰ অন্তৰৰ কথাখিনি শুনিবই লাগিব। তুমি সমিধান দিবই লাগিব। ৰূপালীম্‌! তুমি ৰূপ-সাগৰৰ মণি—জীৱন্ধৰী। ৰূপ-সাগৰৰ দিকশূন্য প্ৰসাৰত তুমি প্ৰণয়ৰ ধ্ৰুৱজ্যোতি। তোমাকে উদ্দেশ্যি—তোমাকে ধিয়াই মোৰ হিয়াই তোমাক বিচাৰি আহিছে। তুমি মায়া-মৰীচিকাৰ দৰে কিয় আঁতৰি আঁতৰি যাব ধৰিছা? নীলা সাগৰখনলৈ মন কৰা। মহাসাগৰৰ চাৰিফালে পানী। থল নাই—এটি অকলশৰীয়া নাৱৰীয়া উটি-বুৰি ভাহি গৈছে। থল নেপালে সি আৰু সৌ সাগৰৰ পানীতে লয় পাব। তাৰ জীৱনে থল নেপাই, —ফুলিবলৈ নেপাই অঙ্কুৰতে এটা অনন্তকালৰ বিৰাট বেদনা লৈ মুখৰ পিয়াহ, বুকুৰ আশা, মনৰ আবেগ, প্ৰাণৰ হেঁপাহ হৈ নাইকিয়া হৈ যাব। তুমি আজি সেই আতুৰৰ থল হৈ সাগৰত দেখা দিছা। তুমি তাক বুকুত ঠাই নিদি মহা জলাহত জহি যাবলৈ কি সতেনো এৰি দিবা?