পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূদ্ৰ যামল ৷

গৌৰীযে পুচন্ত কহিছে ত্ৰিলোচন।
মহা পুৰানত কৈলা সূক মহাজন॥
ৰূদ্ৰ যামলত হৰে গৌৰীৰ আগত।
কহিব লাগিলা ৰাজনীতি যেন মত॥
ৰাজনীতি বৰ্ণান্তে আমাৰ ভৈলা মতি।
পুৰুষোত্তম নামে মহা মূঢ়মতি॥
অগাধ সাগৰ ইটো কথা শ্ৰেষ্ঠত্তৰ।
তথাপিতো প্ৰভু ভৈলা সংশয মনৰ॥
যেন মতে ৰাজা সবে পৃথিবী পালিব।
অন্যায় স্বৰুপে যশ ধৰ্ম্মক থাপিব॥
প্ৰথমে কহন্ত হৰে গৌৰীৰ আগত।
সপ্তম আধ্যাৰ অন্তে শিৱ ৰহস্যত॥
আদি অনাদি কিবা চন্দ্ৰ কলা দেৱতাৰ।
গৌৰীৰ আগত হৰে কহিলন্ত সাৰ॥
একদিনা ত্ৰিলোচনে কৈলাসত বসি।
প্ৰকাশ কৰন্ত যেন কৌটি ৰবি শশী॥
কাক পালা কাক স্ৰজা সংহাৰ কাহাক।
কোনো বা সকলে পূজা কৰয় তোমাক॥
মোহোৰ আগত প্ৰভূ কহিযোক তাক।
যদি দাসী বলি প্ৰভূ ধৰিছা আমাক॥
হেন শুনি শঙ্কৰে কহন্ত যত নীতি।
আদি অন্ত কথা কহোঁ শুনিয়ো পাৰ্ব্বতী॥
ব্ৰহ্মা, বিষ্ণু, হৰ মই এহি তিনি জন।
তিনিকো পাতিলা অধিকাৰী নাৰায়ণ॥
ব্ৰহ্মায়ে স্ৰজন্ত যত লোক পালগণ।
তাকে সে কৰন্ত বিষ্ণু আপনি পালন॥