জ্ঞান কৰ্ম্ম ভক্তি যাৰ সম্পূৰ্ণ হোৱয়।
তেবে সে জানিবা সিটো স্থান পাৱয়॥
যিটো দৈত্য দানৱ ভূমিৰ মহাভাব।
অবতাৰ ধৰি হৰি তাৰ চিন্তে মাৰ॥৪৩১
সেহি স্থানে পাৱে ধৰি চতুৰ্ভূজ তনু।
হৰিক চিন্তিয়া সুখ লভে পুনুপুনু॥
মহা প্ৰকৃতিয়ো পুৰুষত লয় হয়।
লোক সমে সিটো মহা স্থান নভাঙ্গয়॥
কহিলো তোমাত সান্তানুৰ যেন নীতি।
এতেকে তাহাক সাজি আচন্ত প্ৰকৃতি॥
ঈশ্বর শক্তিয়ে মহামায়াৰ প্ৰেৰণ।
অল্প সাধনে তাক নপাই এক জন॥
আৰো চয় বৈকুণ্ঠক ঈশ্বৰে নিৰ্ম্মিলা।
সাত খান স্বৰ্গ সাতো প্ৰকৃতি স্থাপিলা॥
সত্য লোক আদি কৰি স্বৰ্গ সাত খান।
গোধিকা স্বৰুপ ধৰি আছা নাৰায়ণ॥
ওপৰত চাৰি তাৰো তলে তিনি খান।
প্ৰলয়ত তিনো ধান হোৱয় নিৰ্জ্জন॥
অনন্ত মুখৰ বহ্ণি তাহাঙ্ক দহয়।
গোধিকা স্বৰুপে হৰি ওপৰে থাকয়॥
ইহাক প্ৰৱন্ধে শুদ্ধ বৈকুণ্ঠ পাবয়।
কলিযুগে নাম বিনে আন গতি নাই॥
পুৰান ভাৰতে আক কিছু নহে সৰি।
আপুনি কহিছে হংস নাৰায়ণ হৰি॥
জগতৰ গুরু হৰে পাৰ্ব্বতীত কৈলা।
বৃহৎ সহস্ৰ নাম নিবন্ধিয়া থৈলা॥
৭