স্থানে স্থানে ধৰনীক ভূষিতা কৰিলা।
বহু পুষ্প মনোৰম্য আৰাম কৰিলা॥
পুস্কৰীণি তড়াগ সৰোবড নিৰন্তৰ।
গড় পঞ্চিহা দাস কৰিলা বহুত্তৰ॥
প্ৰাজাক পালিব মনু পুল সব দিলা।
কলিৰ কুশল তাৰা সকলে সাধিলা॥
ৰাজ যেন নিয়ম পালিলা জাতিধৰ্ম্ম।
সবাকে দিলন্ত যেন জীৱিকা আশ্ৰম॥
এহি মতে মহীখণ্ড সুবাসিত ভৈলা।
ধৰণী কলাক হৰে পাৰ্ব্বতীত কৈলা।
প্ৰথমতে পৃথিৱী পালতে প্ৰজা যত।
কৰিলন্ত প্ৰতিপাল প্ৰজাক যিমত॥
একৈক নগৰে ৰাজা লক্ষ সহস্ৰেক।
ভোগ ভূঞ্জি মৰি কতো গৈলেক প্ৰত্যেক॥
ধন ধান্য ৰাজ্য তার অচাৰ সবাৰি।
চমৎকাৰ কৰি পৃথিৱীত মৰে পৰি॥
অন্তকালে একেশ্বৰে পৰি মৰি যাই।
আনৰ কাৰণে আনে কোন মৰি যাই॥
পাপ পুণ্য দুই জানা চলে আগে পাছে।
অধঃ উৰ্দ্ধ গতি যাক যিবা জানি আছে॥
মোক লাগি কন্দল কৰয় ৰাজাগণে।
মৰে কাটাকাটি কৰি মোহৰ কাৰণে॥
মই ৰহি আছো আবে মৰে দন্ততৰি।
এহি মতে ধৰনীত থাকে ৰঙ্গ কৰি॥
এহি মতে ধৰণী কলাক সংহৰিলা।
পাছে মহিপতি কলা পাৰ্ব্বতী পুছিলা॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ৰূদ্ৰ যামল।